গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
দ্বিতীয় ফিডে পৰিষদত আন্তৰ্জাতিক দবা ফেডাৰেচন (FIDE)ৰ তৰফৰ পৰা জ্যেষ্ঠ দবা খেলুৱৈ তথা অসমৰ প্ৰশিক্ষক নন্দন বুঢ়াগোহাঁইক "ফিডে আৰ্বিটাৰ" উপাধি প্ৰদান কৰা হৈছে। দবাৰ শীৰ্ষ শাসক সংস্থাই চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰত প্ৰকাশ পোৱা শেহতীয়া ফিডে শিৰোনাম তালিকাত এই কথা প্ৰকাশ কৰিছে ।
নন্দন বুঢ়াগোহাঁই সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক তথা অসম দবা ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্যৰ উপৰি সৰলা বিৰলা জ্ঞান জ্যোতি স্কুল আমিনগাঁৱৰ পূৰ্ণকালীন দবা প্ৰশিক্ষক।অসম দবা ক্লাৱে তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।


0 Comments