“৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস”ৰ সামূহিক দৌৰ সম্পূৰ্ণ

September 3, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

আজি "৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস" ।অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন।
সৰুসজাইত "অভিৰুচি ক্ৰীড়া দিৱস উদযাপন"।ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী-এ কৰিলে "সামূহিক দৌৰ"ৰ ফ্লেগ অফ।
মুখ্য অতিথি ৰূপে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ অংশগ্ৰহণ।

গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বৃহস্পতিবাৰে শুভাৰম্ভ ঘটিল "অভিৰুচি ক্ৰীড়া দিৱস"ৰ ৪৩ সংখ্যক কেন্দ্ৰীয় কাৰ্যসূচী।
এই দিৱসৰ অন্যতম আকৰ্ষণ "সামূহিক দৌৰ"ত অংশগ্ৰহণ কৰিবৰ বাবে পুৱাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ ওলাই আহিল বিভিন্ন স্কুলৰ হাজাৰ হাজাৰ ছাত্র ছাত্রী ।সামূহিক দৌৰৰ পূৰ্বে এখন জীপত উঠি খেলুৱৈসকলক হাত জোকাৰি অভিবাদন গ্ৰহণ কৰে ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী আৰু অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা জনপ্ৰিয় অভিনেতা যতীন বৰাই । তেওঁলোকক সংগ দিয়ে কিংবদন্তি প্ৰাক্তন এথলেটিকছ খেলুৱৈ তৈবুন নিছা ,ক্ৰীড়া সঞ্চালক অংকুৰ ভঁৰালীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি
।বিভিন্ন স্কুলৰ পৰা অহা ছাত্র-ছাত্রীসকলে অতিথিসকলক উদ্দেশ্যি "হাত চাপৰি" বজোৱাৰ উপৰি "চেল্যুট" মাৰি জনালে সন্মান।
সামূহিক দৌৰৰ "ফ্লেগ অফ" কৰিলে ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী আৰু জনপ্ৰিয় অভিনেতা যতীন বৰাই।৮৭ বছৰ বয়সত ভৰি দিয়া উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাক ওপজাদিনৰ ওলগ জনালে ক্ৰীড়ামন্ত্রী গৰাকী-এ।

"সামূহিক দৌৰ"ৰ পূৰ্বে আয়োজিত অনুষ্ঠানত খেলৰ সৈতে থকা পিতৃৰ সম্পৰ্কৰ কথা উল্লেখ কৰে অভিনেতা যতীন বৰাই।
অভিৰুচি গোষ্ঠীৰ ৪২ বছৰীয়া নিৰবিচিন্ন প্ৰচেষ্টাক শলাগিলে অভিনেতা গৰাকী-এ ।

অসমৰ ক্ৰীড়াক্ষেত্রৰ উজ্জ্বল নক্ষত্র অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সান্নিধ্যৰ কথা সোঁৱৰিলে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ খেলুৱৈ তৈবুন নিছাই ।
অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামৰ পৰাই সূদুৰ শিৱসাগৰত থকা ভোগেশ্বৰ বৰুৱাক তেওঁৰ ৮৭ সংখ্যক জন্মদিনৰ ওলগ জনালে দিছকান কুইনে ।

উল্লেখ্য যে, বিশিষ্ট ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী তথা "অভিৰুচি গোষ্ঠী"ৰ নেতৃত্বত ১৯৮৪ চনৰ পৰা অৰ্জুন গৰাকীৰ জন্মদিনত ৰাজ্যত পালিত হৈ আহিছে "অভিৰুচি ক্ৰীড়া দিৱস"।বিগত ৪২ টা বছৰৰ ঐকান্তিক প্ৰচেষ্টাক সন্মান জনাই ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী-এ অভিৰুচিৰ প্ৰতিস্থাপক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক গামোচা পিন্ধাই কৰিলে সন্মানিত।ইফালে, ৰাইজৰ সমাগম প্ৰত্যক্ষ কৰি আনন্দিত "অভিৰুচি ক্ৰীড়া দিৱস" উদযাপন সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। জাতিৰ মহান খেলুৱৈ গৰাকীৰ জন্মদিনত উদযাপিত এই বিশেষ দিনটোত সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জনালে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে।

ক্ৰীড়া অনুৰাগীৰ আশা- সাফল্যমণ্ডিত হওঁক "৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস"।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক ৰাজ্যৰ নৱপ্ৰজন্ম।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *