“ৰাজ্যিক ক্ৰীড়া বঁটা”ৰ সৱিশেষ

September 6, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম চৰকাৰৰ "ৰাজ্যিক ক্ৰীড়া দিৱস" উদযাপন।২০২৫ বৰ্ষৰ "ৰাজ্যিক ক্ৰীড়া বঁটা" প্ৰদান।
ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে প্ৰদান কৰিলে বঁটা।২০২৬ বৰ্ষৰ "ৰাজ্যিক ক্ৰীড়া বঁটা" প্ৰদান।

যোৱা ৩ ছেপ্তেম্বৰত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে পালন কৰিলে "ৰাজ্যিক ক্ৰীড়া দিৱস"।এই দিৱসৰ লগত সংগতি ৰাখি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নীনচন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ "ৰাজ্যিক ক্ৰীড়া বঁটা" সমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।ৰাজ্যৰ ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ হাতেৰে খেলুৱৈসকলে গ্ৰহণ কৰে "ৰাজ্যিক ক্ৰীড়া বঁটা-২০২৫"।সেই অনুসৰি, ২০২৫ চনৰ "বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা" বক্সাৰ আইকণ মিলি-এ লাভ কৰাৰ বিপৰীতে "বৰ্ষশ্ৰেষ্ঠ পেৰা ক্ৰীড়াবিদ"ৰ বঁটা লাভ কৰে পেৰা এথলীট অন্যতম ৰাজকুমাৰে ।সেইদৰে ২০২৫ বৰ্ষৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ বঁটা লাভ কৰে উশ্বু খেলুৱৈ নাং মিংবী বৰফুকণে।আনহাতে, কেনয়িং আৰু কায়াকিং ইভেন্টৰ অনন্ত বৰঠাকুৰ আৰু উশ্বুৰ মমী কছাৰীক প্ৰদান কৰা হয় "বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা"।
তদুপৰি,শোণিতপুৰৰ জীৱন বৰা আৰু ডিব্ৰুগড়ৰ মনোৰঞ্জন হাজৰিকাক প্ৰদান কৰা হয় ২০২৫ বৰ্ষৰ "শাৰীৰিক শিক্ষা নিৰ্দেশক বঁটা"।
অসম চৰকাৰৰ ৰাজ্যিক ক্ৰীড়া দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা বঁটাসমূহৰ সৈতে আইকণ মিলি-অন্যতম ৰাজকুমাৰক ৫০ হাজাৰকৈ ,নাং মিংবী বৰফুকণৰ হাতত ২৫ হাজাৰ আৰু অনন্ত বৰঠাকুৰ,জীৱন বৰা,মনোৰঞ্জন হাজৰিকাক ৩০ হেজাৰ টকাৰ চেক সহ প্ৰশস্তি পত্র অৰ্পন কৰা হয়।


ইফালে,"ৰাজ্যিক ক্ৰীড়া দিৱস"ৰ বঁটা প্ৰদান অনুষ্ঠানত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উপৰি উপস্থিত থাকিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া সচিব কে জে হিলালী,ক্ৰীড়া সঞ্চালক অংকুৰ ভঁৰালী,অৰ্জুন নয়নমণি শইকীয়া,অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ,জ্যেষ্ঠ ক্ৰীড়া সংবাদিক সুবোধমল্ল বৰুৱা আদি বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে, এই অনুষ্ঠানতে ২০২৬ বৰ্ষৰ "ৰাজ্যিক ক্ৰীড়া বঁটা" ঘোষণা কৰিলে ৰাজ্যৰ ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী-এ।
সেই অনুসৰি,২০২৬ চনৰ বাবে অসমৰ প্ৰথম গৰাকী দবাৰ গ্ৰেণ্ড মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীক "বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদ" আৰু পেৰা এথলীট আবাবিল আলীলৈ আগবঢ়োৱা হ'ব "বৰ্ষশ্ৰেষ্ঠ পেৰা ক্ৰীড়াবিদ"ৰ বঁটা। সেইদৰে ভাৰোত্তোলন খেলুৱৈ আইচেংফা গগৈক আগবঢ়োৱা হ'ব "প্ৰতিশ্ৰতিসম্পন্ন খেলুৱৈ বঁটা"।আনহাতে,বক্সিঙৰ অমৰ কুমাৰ ডেকা আৰু বেডমিন্টনৰ অম্লান ভট্টাচাৰ্যলৈ "বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা" আগবঢ়োৱা হ'ব। তদুপৰি,যোৰহাটৰ হেমন্ত সিং আৰু ডিব্ৰুগড়ৰ নিৰেণ ফুকণক "বৰ্ষশ্ৰেষ্ঠ শাৰীৰিক শিক্ষা নিৰ্দেশক ২০২৬" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।

ক্ৰীড়া অনুৰাগীৰ আশা-- অসম চৰকাৰৰ "ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে গ্ৰহণ কৰা পদক্ষেপ হওঁক সূদূৰপ্ৰসাৰী।"ৰাজ্যিক ক্ৰীড়া বঁটা"ৰ জৰিয়তে অনুপ্ৰাণিত কৰক নতুন প্ৰজন্মৰ খেলুৱৈক।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *