ঘগ্রাপাৰৰ ৰেজেক আলী সোঁৱৰণী ফুটবলত ৰঙিয়া টাউন ক্লাৱৰ চেম্পিয়নৰ খিতাপ

September 6, 2026

K

Gogo Sports NE

দীপক কুমাৰ দাসৰ প্ৰতিবেদন

ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত পিএমশ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা ৰেজেক আলী সোঁৱৰণী প্ৰাইজমানি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ৰঙিয়া টাউন ক্লাৱে ট্ৰাইবেকাৰৰ সহায়ত সামগ্ৰীক ভাৱে ৮- ৬ গ’লত বাৰাডি এফ চি,বৰপেটাক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ ডিফেণ্ডাৰ আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ বঁটা লাভ কৰে ৰঙিয়া টাউন ক্লাৱৰ খেলুৱৈ ক্ৰমে চোমোকান্ত সিং ৰোনাল্ডো আৰু সুভাষ সিং।

আনহাতে টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰে বাৰাডি এফ চি বৰপেটা দলৰ খেলুৱৈ কৃষ্ণানুৱে। নিশা ফ্লাড লাইটৰ পোহৰত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্দ্ধাৰিত সময়ত ২ - ২ গ’লত ড্ৰ হয়৷ শেষত ট্ৰইব্ৰেকাৰ পদ্ধতিত খেলৰ ফলাফল নিৰ্ণয় কৰিবলগীয়া হয়। ঘগ্রাপাৰ আঞ্চলিক ক্রীড়া সংস্থাৰ সভাপতি তফিকুৰ ৰহমানে আঁত ধৰা চূড়ান্ত খেলখন উদ্বোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ মনোজ কুমাৰ চৌধুৰীয়ে৷
অতিথি হিচাপে উপস্থিত থাকে
ট্রফী দাতা তথা প্ৰয়াত ৰেজেক আলীৰ বৰপুত্ৰ তাইজুদ্দিন আহমেদ, বোৱৰী তথা শিক্ষাবিদ ড০ ৰেজিনা আহমেদ, বৃহত্তৰ নলবাৰী গণ সেৱা সংস্থাৰ সভাপতি নৱ কুমাৰ তালুকদাৰ, জেষ্ঠ্য সাংবাদিক ব্ৰজেন তালুকদাৰ, তফিউদ্দিন আহমেদ,প্ৰবীন ভলীবল খেলুৱৈৰ সন্থাৰ সভাপতি নৃপেন্দ্ৰ দাস, ক্রীড়া সংগঠক দীপক কুমাৰ দাস, অমন বৰ্মন, ভৱেশ বৰদলৈ, শিক্ষাবিদ মনিন্দ্র ৰাজবংশী, আৰক্ষী বিষয়া অৰূপজ্যোতি বৈশ্য আদিয়ে।

ইফালে ফাইনেল খেলখনত কণ্ঠশিল্পী ভনীমা কলিতাই গীত পৰিৱেশন কৰি উপস্থিত থকা হাজাৰ হাজাৰ ক্রীড়াপ্রেমী দৰ্শকৰ মন মুহিত কৰি তোলে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *