“অভিৰুচি ক্ৰীড়া দিৱস” উদযাপন

September 6, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথলেট , অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ ৪৩ সংখ্যক কেন্দ্ৰীয় অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যা‌য় । ৪ চেপ্তেম্বৰত দ্বিতীয় দিনা পুৱা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত অভিৰুচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুকুমাৰ মেধিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত বিদ্যালয় পৰ্যায়ত সমূহীয়া নৃত্য আৰু পি.টি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়ন পৰিষদৰ সচিব প্ৰদীপ ফুকনে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা অইল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া অশোক দাস ।

সন্ধিয়া আয়োজিত সম্বৰ্ধনা সভাত উপস্থিত থাকে প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন মন্ত্ৰী কমলা কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পি পি এছ ধৰ্মানন্দ বৰুৱা, প্ৰাক্তন সাঁতোৰবিদ মিঠু বৰুৱা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি খগেন কলিতা , গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি পুলক গোস্বামী, জেষ্ঠ্য সাংবাদিক সুবোধ মল্ল বৰুৱাকে ধৰি বিশিষ্ট অতিথি সকল । অভিৰুচি ক্ৰীড়া দিৱসৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে সম্বৰ্দ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সম্বৰ্ধনা সভাত যোৱা বছৰটোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংগঠক বটা প্ৰাক্তন ক্ৰিকেটাৰ সংগঠক কামাখ্যা শ‌ইকিয়াক প্ৰদান কৰা হ‌য় । চিদানন্দ দাস সোঁৱৰণী ক্ৰীড়া প্ৰশিক্ষক বঁটা প্ৰদান কৰা হয় বক্সিং প্ৰশিক্ষক পদুম বড়োক । চন্দ্ৰনাথ চক্ৰৱৰ্তী সোঁৱৰণী ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা বঁটা ৰবীন্দ্ৰ শৰ্মালৈ আৰু যোগেশ শৰ্মা সোঁৱৰণী ক্ৰীড়া উদ্যোগী বঁটা প্ৰদান কৰা হয় চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন্দ্ৰ নাথ শৰ্মালৈ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *