গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত হোৱা ফাইনেলত গুৱাহাটীক ৬ উইকেটত হৰুৱাই ছোৱালীৰ "১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট"ত বোকাখাত চেম্পিয়ন হৈছে ।
২০ অভাৰৰ খেলখনত টছত জয়ী হোৱাৰ পাছত বোকাখাতে ফিল্ডিং বাছি লৈ গুৱাহাটীক ৮ উইকেটত ৯৭ ৰাণত সীমাবদ্ধ ৰাখে । বৈভবী দাসে ৪৪ বলত সৰ্বাধিক তথা অপৰাজিত ৩৪ ৰাণ কৰাৰ বিপৰীতে চানভি জৈনে ৩২ বলত ১৬ ৰাণ আৰু আনন্দী কুমাৰীয়ে মাত্ৰ ৮ টা বল খেলি ১৬ ৰাণ সংগ্ৰহ কৰে ।
বোকাখাতৰ হৈ অংকিতা ছেত্ৰীয়ে ৩২ ৰাণ ব্যয়েৰে সৰ্বাধিক ৩ টা উইকেট দখল কৰে । তেওঁৰ বাদে উইকেট ভগাই লয় প্ৰিন্সি প্ৰিয়া বৰা (২/১৭), পূজা তাঁতী (১/৯) আৰু অনুপমা (১/১৩)।
প্ৰত্যুত্তৰত বোকাখাতে ১৪.৫ অভাৰতে চাৰি উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ( ৯৯/৪ ) । টিনামনি পাটগিৰীয়ে ২২ বলত ৩৬ ৰাণ কৰি দলৰ ৬ উইকেটৰ জয়ত নেতৃত্ব লয় । আনহাতে ডলী কাৰ্ডঙে ২৬ বলত ৩৫ ৰাণ সংগ্ৰহ কৰে । গুৱাহাটীৰ হৈ শিখা বড়োৱে ৯ ৰাণ দি দুটা আৰু সাগৰিকা সাহাই ১২ ৰাণ দি এটা উইকেট লাভ কৰে ।
ব্যক্তিগত পুৰস্কাৰ বিজয়ী সকল --
ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ-- অংকিতা ছেত্ৰী (বোকাখাত, ৩ অভাৰত ৩/৩২ ), শ্ৰেষ্ঠ বেটাৰ : ডলী কাৰ্ডং (বোকাখাত, ৫ টা ইনিংছত ২০০ ৰাণ ), শ্ৰেষ্ঠ বলাৰ : কুলছুম বিবি লস্কৰ ( হাইলাকান্দি, ৪ খন মেচত ১৭ টা উইকেট ) আৰু
টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ চয়নিকা শইকীয়া (নগাঁও, – ৫ টা ইনিংছত ১৩ উইকেট আৰু ৪ টা ইনিংছত ৪৪ ৰাণ ) ।
সংক্ষিপ্ত স্ক'ৰ : গুৱাহাটী
২০ অভাৰত ৯৭/৮ (বৈভবী দাস ৪৪ বলত ৩৪, চানভি জৈন ৩২ বলত ১৬, আনন্দী কুমাৰী ৮ বলত ১৬; অংকিতা চেত্ৰী ৩/৩২, প্ৰিন্সি প্ৰিয়া বৰা ২/১৭, পূজা তাঁতী ১/৯, অনুপমা ১/১৩ ) ।
বোকাখাত -- ১৪.৫ অভাৰত ৯৯/৪ ( টিনামণি পাটগিৰি ২২ বলত ৩৬, ডলী কাৰ্ডং ২৬ বলত ৩৫; শিখা বড়ো ২/৯, সাগৰিকা সাহা ১/১২) ।
অসম ক্ৰিকেট সন্থাই বোকাখাতৰ খিতাপ বিজয়ী প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনৰ প্ৰশংসনীয় প্ৰদৰ্শনৰ বাবে অংশগ্ৰহণকাৰী সকলো দল আৰু খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । পুৰস্কাৰ বিতৰণী অনুষ্ঠানত এচিএ এপেক্স কাউন্সিলৰ সদস্য ৰুমী বড়ো, মহিলা বাছনি সমিতিৰ অধ্যক্ষ নাজনিন চুলতানা আলী আহমেদকে ধৰি অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments