গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ৰাজীৱ প্ৰকাশ বৰুৱাৰ "একৈশ শতিকাৰ আঢ়ৈটা দশক" শীৰ্ষক গ্ৰন্থ উন্মোচন।বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কৰিলে গ্ৰন্থ উন্মোচন।
গ্ৰন্থত সন্নিবিষ্ট ক্ৰীড়া সম্বন্ধীয় ত্রিশৰো অধিক প্ৰৱন্ধ ।
এসময়ৰ সুদক্ষ প্ৰশাসক তথা বৰ্তমানৰ সুদক্ষ ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱাৰ নতুন গ্ৰন্থ উন্মোচন।সোমবাৰে গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত "একৈশ শতিকাৰ আঢ়ৈটা দশক" শীৰ্ষক প্ৰৱন্ধ সংকলনটো উন্মোচন কৰে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই।
চাকৰি জীৱনৰ অভিজ্ঞতা, সমাজ জীৱনৰ অভিজ্ঞতা তথা খেল জগতত থাকি আহৰণ কৰা অভিজ্ঞতাসমূহৰ সন্দৰ্ভত যুগুটোৱা লেখা বিভিন্ন বাতৰি-কাকতক প্ৰৱন্ধ আকাৰে প্ৰকাশিত কৰিছিল ৰাজীৱ প্ৰকাশ বৰুৱাই। ইয়াৰ মাজৰ পৰা বছা বছা ৪৮ টাকৈ প্ৰৱন্ধ সন্নিবিষ্ট কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হৈছে "একৈশ শতিকাৰ আঢ়ৈটা দশক" শীৰ্ষক প্ৰৱন্ধ সংকলন।
ভাল লগা কথাটো হ'ল যে,৪৮ টাৰ ভিতৰত ৩০ ৰো অধিক ক্ৰীড়া সম্বন্ধীয় প্ৰৱন্ধ সন্নিবিষ্ট হৈছে এই গ্ৰন্থত।গুৱাহাটীত বিশ্বকাপ ফুটবল, দেৱজিৎ শইকীয়া মহাধিবক্তাৰ পৰা বিচিচিআইৰ সচিবলৈ বৰ্ণিল যাত্রা,ভৱিষ্যতৰ ক্ৰিকেট-প্ৰতিভাৰ বাবে স্থায়ী ঠিকনা,এটা দশকৰ অসমৰ খো খো,অসম অলিম্পিক সন্থা:প্ৰত্যাহ্বান আৰু প্ৰত্যাশা,লকডাউনত অসম অলিম্পিক সন্থাৰ ভূমিকা,মহানগৰীৰ খেলপথাৰ,অসমত ক্ৰিকেটৰ কৰ্মশালা জি চি চি চি (GCCC)ৰ ৩৩ বছৰীয়া যাত্রা ,ক্ৰীড়াপ্ৰেমী জুবিন,অসমৰ পৰম্পৰাগত খেল,ন-ৰূপত গুৱাহাটী ক্ৰীড়া সন্থা আদি শিৰোনামাৰে ক্ৰীড়া সম্বন্ধীয় প্ৰৱন্ধ প্ৰকাশ পাইছে এই সংকলনত।এই প্ৰৱন্ধ সংকলনে সমাজ জীৱনৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিটো উপকৃত কৰিব বুলি আশাবাদী গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ মুখ্য অতিথি তথা উন্মোচক,বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া।
প্ৰকাশক তথা জ্যেষ্ঠ সাংবাদিক উজ্জ্বল বৰুৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ মনজিৎ ভূঞা,প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা,বিশিষ্ট সাংবাদিক-সাহিত্য অকাডেমী বঁটা বিজয়ী লেখক মনোজ গোস্বামী,বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ,সুবোধমল্ল বৰুৱা,বিশিষ্ট অধিবক্তা নেকিবুৰ জামান,বিজন মহাজন আদি বিশিষ্ট ব্যক্তি।অতিথি সকলে ৰাজীৱ প্ৰকাশ বৰুৱাৰ লেখাৰ প্ৰকাশভংগী অতিশয় আকৰ্ষণীয় আৰু বিষয়-বস্তুু নিৰ্বাচন সাৱলীল বুলি উল্লেখ কৰে।দৈনন্দিন লাগতিয়াল কিছুমান প্ৰসংগৰ পৰা ক্ৰীড়া প্ৰসংগলৈ ব্যাপ্ত প্ৰৱন্ধ সংকলনে সমাজ জীৱনক প্ৰভাৱিত কৰিব বুলি আশাবাদী শুভাকাংশীসকল ।
ৰাজ্যৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী "প্ৰজ্ঞা মিডিয়াহাইপে" প্ৰকাশ কৰি উলিয়াইছ এই গ্ৰন্থ।এই প্ৰৱন্ধ সংকলন পঢ়ি পাঠক সমাজ উপকৃত হ'লে কষ্ট সাৰ্থক হ'ব বুলি মন্তব্য প্ৰকাশ কৰে লেখক ৰাজীৱ প্ৰকাশ বৰুৱাই।
উল্লেখ্য যে,অনুষ্ঠানৰ মাজতে ৰাজীৱ প্ৰকাশ বৰুৱাৰ দুহিতা অনুষ্কা বৰুৱাই দুটাকৈ ইংৰাজী গীত পৰিবেশনেৰে সকলোকে কৰিলে আপ্লুত
।অনুষ্ঠানৰ অন্তত ৰাজীৱ প্ৰকাশ বৰুৱাৰ সহধৰ্মিনী তথা বিশিষ্ট শিল্পী সংগীতা কাকতি-এ জাতীয় সংগীত পৰিবেশনৰ নেতৃত্ব লয়।


0 Comments