“প্ৰীতি লনবল মেচ”ত চেম্পিয়ন অসম পুলিছ লনবল দল

September 13, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

সৰুসজাইৰ লনবল গ্ৰীণত "প্ৰীতি লনবল মেচ"।অসম পুলিছ বনাম অসম লনবল সন্থাৰ খেলুৱৈৰ অংশগ্ৰহণ।চেম্পিয়ন অসম পুলিছ লনবল দল ।

শনিবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লনবল গ্ৰীণত অনুষ্ঠিত হয় এখনি "প্ৰীতি লনবল মেচ"।
অসম লনবল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই মেচত অসম পুলিছ দল আৰু অসম লনবল সন্থা দলৰ হৈ ১০ গৰাকীকৈ মুঠ ২০ গৰাকী খেলুৱৈ-এ কৰিলে অংশগ্ৰহণ।ডাবোলছ আৰু ত্রিপোলছ ইভেন্টত পুৰুষ-মহিলা উভয়ে লনবল গ্ৰীণত উজাৰি দিলে শ্ৰেষ্ঠত্ব।

অসম পুলিছৰ পুৰুষ দলৰ হৈ অংশগ্ৰহণ কৰিলে -পুতুল সোণোৱাল ,ৰূপ্টু গগৈ,অমল টেৰণ,বিতোপন ৰাভা আৰু বিকুমণি শৰ্মাই।
সেইদৰে অসম পুলিছৰ মহিলা দলক প্ৰতিনিধিত্ব কৰিলে বিমা বৰা,পম্পী বৰুৱা,তৃষ্ণা গগৈ,ভানু ডেকা বৰদলৈ,দীপালী দেওৰী আৰু চুমি দেওৰী-এ।

আনহাতে,অসম লনবল সন্থাৰ পুৰুষ দলৰ হৈ খেলিলে দীপাংকৰ শৰ্মা,বিশ্বজিৎ খাউণ্ড,জয়ন্ত শৰ্মা,আনন্দ কুমাৰ নাৰ্জাৰী আৰু মৃদুল বৰাই।সেইদৰে,অসম লনবল সন্থাৰ মহিলা দলৰ হৈ প্ৰতিনিধিত্ব আগবঢ়ালে বনগীতা হাজৰিকা,কৰিনা পাটোৱাৰী,অমিয়া গগৈ,সুৰঞ্জনা বৰুৱা আৰু সুমন কুমাৰী পাণ্ডে-এ।প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুয়ো দলৰ খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিলে অসম লনবল সন্থাৰ সভাপতি দূৰ্গাদাস বড়ো-এ।

ইফালে,অহা বছৰ ১২ ৰ পৰা ২১ মাৰ্চলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব "ৱ'ল্ড পুলিছ মিট" ।"ৱল্ড পুলিছ মিট"ত পোন প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হ'ব লনবল ক্ৰীড়া।ভাৰতীয় পুলিছ দলৰ হৈ অসম পুলিচৰ অভিলেখ সংখ্যক খেলুৱৈ যাতে এই "ৱল্ড পুলিছ মিট"লৈ নিৰ্বাচিত হ'ব পাৰে,তাৰবাৰে কঠোৰ অনুশীলনৰ উপৰি এনে ধৰণৰ প্ৰস্তুতি মেচ অত্যন্ত গুৰুত্বপূৰ্ণ।সেয়েহে,এই প্ৰীতি মেচ আয়োজন কৰাৰ বাবে অসম লনবল সন্থাক ধন্যবাদ জনালে অসম পুলিছৰ "স্পৰ্টছ কন্ট্ৰল ব'ড"ৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক দিগন্ত হাজৰিকাই।

উল্লেখ্য যে ,তীব্ৰ উত্তেজনাপূৰ্ণ প্ৰীতি মেচখনত অসম পুলিছৰ খেলুৱৈ সকলে "চেম্পিয়ন" হোৱাৰ বিপৰীতে "ৰাৰ্ণাছ আপ"ৰ সন্মান লাভ কৰে অসম লনবল সন্থাৰ দলে।বঁটাপ্ৰদান অনুষ্ঠানত অসম লনবল সন্থাৰ সভাপতি দূৰ্গা দাস বড়োৰ উপৰি উপস্থিত থাকিল অসম পুলিছৰ স্পৰ্টছ কন্ট্ৰল ব'ডৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক দিগন্ত হাজৰিকা, অসম লনবল সন্থাৰ উপ-সভাপতি অনুপ চৌধুৰী,চন্দন কুমাৰ নাথ ,সাধাৰণ সম্পাদক নৱ বসুমতাৰী, কোষাধ্যক্ষ ইমতিয়াজ আহমেদ আদি বিশিষ্ট ব্যক্তি।প্ৰীতি মেচে দুয়ো দলৰ খেলুৱৈসৰলক উপকৃত কৰিব বুলি আশাবাদী অসম লনবল সন্থাৰ সাধাৰণ সম্পাদক নৱ বসুমতাৰী।ক্ৰীড়া অনুৰাগীৰ আশা- এনে প্ৰীতি মেচৰ আঁচলত ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনলৈ প্ৰস্তুত হৈ উঠক অসম পুলিছ আৰু অসম লনবল সন্থাৰ খেলুৱৈ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *