অংকুৰজ্যোতি ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ

September 14, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"প্ৰথম সদৌ অসম ১২ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেন্ট"।১৫ টা ক্ৰিকেট দলৰ অংশগ্ৰহণ।এ এন এ ক্ৰিকেট একাডেমী চেম্পিয়ন।

গুৱাহাটীৰ মাছখোৱাস্থিত ঈদগাহ খেলপথাৰত অনুষ্ঠিত হয় "প্ৰথম সদৌ অসম ১২ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেন্ট-ছামাৰ কাপ"।
অংকুৰজ্যোতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে মুঠ ১৫ টা দলে।ইয়াৰে গুৱাহাটীৰ বাহিৰৰ ৩ টা দলেও অংশগ্ৰহণ কৰিলে এই প্ৰতিযোগিতাত।শুক্ৰবাৰে অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱৰ্তীণ হ'ল উই আৰ নৰ্থ ইষ্ট আৰু এ এন এ ক্ৰিকেট একাডেমী।বৰষুণৰ বিধিপথালিৰ বাবে ২৫ অভাৰৰ মেচখন ২০ অভাৰলৈ হ্ৰাস কৰা হয়।তীব্ৰ উত্তেজনা পূৰ্ণমেচখনত ডি এল এছ পদ্ধতিত ১৯ ৰাণত জয়ী হৈ "ছামাৰ কাপ"ৰ ট্ৰফী হস্তগত কৰিলে এ এন এ ক্ৰিকেট একাডেমী-এ।আনহাতে "ৰাৰ্ণাছ আপ" ট্ৰফী হাতত তুলি ল'লে উই আৰ নৰ্থ ইষ্ট দলে।
১২ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেন্টখনত অংশগ্ৰহণৰ অভিজ্ঞতা ব্যক্ত কৰিলে বিজয়ী দল আৰু ৰাৰ্ণাছ দলৰ অধিনায়কে।

প্ৰতিযোগিতাখনত ফাইনেলৰ "প্লেয়াৰ অৱ দ্য মেচ"ৰ সন্মান লাভ কৰে এ. এন.এ. ক্ৰিকেট একাডেমীৰ ৰোচন চেত্রী-এ।
সেইদৰে, ৰাইন'লেণ্ড ক্ৰিকেট একাডেমীৰ খেলুৱৈ দক্ষ বৰুৱাই "প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট"ৰ সন্মান অৰ্জন কৰাৰ বিপৰীতে "শ্ৰেষ্ঠ বেটাৰ" ৰূপে উজলিল এ.এন.এ. ক্ৰিকেট একাডেমীৰ নিশান কাশ্যপ।তদুপৰি, উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈ গৌৰৱ চৌধুৰী-এ "শ্ৰেষ্ঠ বলাৰ",এ.এন. এন.-ৰ খেলুৱৈ হৰ্ষিত ডেকাই "শ্ৰেষ্ঠ ফিল্ডাৰ" আৰু এছ.এছ. ক্ৰিকেট ক'চিং চেন্টাৰৰ খেলুৱৈ দেৱাং ঋষি-এ আজুৰি আনে "শ্ৰেষ্ঠ উইকেট-কীপাৰ"ৰ সন্মান।
বিভিন্ন বঁটা লাভ কৰা খেলুৱৈসকলে ট্ৰফীৰ লগতে আয়োজকে প্ৰদান কৰে আকৰ্ষণীয় উপহাৰ।প্ৰতিযোগিতাখনৰ সন্দৰ্ভত সবিশেষ জনালে অংকুৰজ্যোতি ক্লাবৰ ক্ৰিকেট সম্পাদক তথা প্ৰশিক্ষক ৰাজু কলিতাই।

উল্লেখ্য যে, প্ৰথম সদৌ অসম ১২ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেন্টৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হ'ল গুৱাহাটীৰ যোৰ পুখুৰীস্থিত অংকুৰজ্যোতি ক্লাবৰ নিজা প্ৰেক্ষাগৃহত।বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অংকুৰজ্যোতি ক্লাবৰ সাধাৰণ সম্পাদক বাবলু চৌধুৰী,প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ ইমতিয়াজ হুছেইন ,অংকুৰজ্যোতি ক্লাবৰ সদস্য আছপ্ৰিয়া ৰহমান আদি বিশিষ্ট ব্যক্তি।অভিভাৱক আৰু খেলুৱৈসকলৰ উপস্থিতিত বিজয়ী দলক ট্ৰফী প্ৰদান কৰে অতিথিসকলে।ক্ৰীড়া অনুৰাগীৰ আশা-এনে টুৰ্ণামেন্টৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত দোপদোপে আগুৱাই যাওঁক ১২ অনুৰ্ধ ক্ৰিকেটাৰ।অংকুৰজ্যোতি ক্লাবৰ এই প্ৰচেষ্টা হওঁক সুদূৰ প্ৰসাৰী।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *