“গুৱাহাটী দবা একাডেমী অনুৰ্ধ ৭ বছৰ দবা চেম্পিয়নশ্বিপ–২০২৬”,জিয়াঞ্চ ৰিয়ান কাশ্যপ বিজয়ী

September 14, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা "অনুৰ্ধ-৭ বছৰ দবা চেম্পিয়নশ্বিপ–২০২৬" ত জিয়াঞ্চ ৰিয়ান কাশ্যপে ৬ খন খেলৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ দখল কৰে।

আৰৱ আগৰৱালাই ৬ খনৰ পৰা ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান দখল কৰে। সিদ্ধাৰ্থ চৌহানে ৬ খনৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। অৰিণ প্ৰিয়দৰ্শন, বৈভৱ কুমাৰ, ত্ৰিহান এছ চৌধুৰী আৰু আৰ্য়ান চাহে টাই-ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থান লাভ কৰে।মন্ময়ী পুজাৰীক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালী খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। তেওঁ ৬ খনৰ পৰা ২ পইণ্ট সংগ্ৰহ কৰে।

উল্লেখ্য যে, প্ৰতিযোগিতাখন যোৱা ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ আৰ জি বৰুৱা পথত অৱস্থিত "গুৱাহাটী দবা একাডেমী"ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ২২ জন অনুৰ্ধ- ৭ বছৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন ৬ ৰাউণ্ডৰ ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত হয়।ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *