গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
জাপানৰ Aichi-Nagoya ত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ'ব "২০ সংখ্যক এছিয়ান গেমছ ২০২৬" । এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱত বাতৰি সংগ্ৰহৰ বাবে যাত্ৰা কৰিবলগীয়া ভাৰতীয় সাংবাদিকৰ দলত স্থান লাভ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক তথা Current Report NE ৰ মুখ্য সম্পাদক বিপুল বৰ্মনে। বিপুল বৰ্মনে ১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ পৰা টকিঅ অভিমুখে ৰাওনা হ'ব। এছিয়ান গেমছৰ বিভিন্ন ইভেণ্ট আৰু ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰত তেওঁ নিয়মীয়াকৈ বাতৰি, সাক্ষাৎকাৰ আৰু বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিব।
উল্লেখযোগ্য যে বিগত তিনিটা দশকৰো অধিক সময় ধৰি সাংবাদিকতাৰ সৈতে জড়িত বিপুল বৰ্মনে ইয়াৰ পূৰ্বে কেবাখনো FIFA World Cup, Commonwealth Games, Asian Games, SAF Games, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু আইপিএলৰ বাতৰি সংগ্ৰহ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক হিচাপে বিশ্বৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা বিপুল বৰ্মনে এইবাৰৰ জাপান যাত্ৰাই অসমৰ ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰ খনতো এক বিশেষ মাত্ৰা সংযোজন কৰিব।
এইবাৰৰ জাপানৰ এছিয়ান গেমছত অসমৰ তিনিগৰাকী খেলুৱৈয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ ভিতৰত আছে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই, শ্বাটলাৰ ঈশাৰানী বৰুৱা, ছেপাকটাক্ৰ অমৰজিৎ সিনহা। অসমৰ এই খেলুৱৈ সকলৰ প্ৰস্তুতি, প্ৰদৰ্শন আৰু সফলতাৰ খৱৰ দেশ-বিদেশৰ ক্ৰীড়া প্ৰেমীৰ মাজলৈ লৈ যোৱাত বিপুল বৰ্মনৰ প্ৰতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। জাপানৰ মাটিত অনুষ্ঠিত হ'বলগীয়া "এছিয়ান গেমছ"ৰ সংবাদ সংগ্ৰহৰ বাবে যাবলগীয়া ভাৰতীয় সাংবাদিকৰ দলত অসমৰ বিপুল বৰ্মনে স্থান লাভ কৰাটো ৰাজ্যখনৰ সাংবাদিকতাৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে।


0 Comments