এছিয়ান গেমছ ২০২৬ ৰ ভাৰতীয় ছেপাকটাক্ৰ’ দলত অসমৰ অ’ অমৰজিৎ সিংহ

September 15, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ উদীয়মান ছেপাকটাক্ৰ' খেলুৱৈ অ' অমৰজিৎ সিংহই জাপানৰ নাগোয়া আৰু আইচি চহৰত অহা ১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ' দলক প্ৰতিনিধিত্ব কৰিব। কাছাৰ জিলাৰ নয়াগ্ৰাম গাৱঁৰ খেলুৱৈজনে মেগা ক্ৰীড়া সমাৰোহখনৰ ছেপাকটাক্ৰ' ইভেণ্টৰ পুৰুষৰ দলগত আৰু ৰেগু শাখাত দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব । অমৰজিতকে ধৰি ২৫ জনীয়া ভাৰতীয় দলটো কাইলৈ নতুন দিল্লীৰ পৰা জাপান অভিমুখে ৰাওনা হ'ব। ভাৰতীয় দলত ১২ জন পুৰুষ, ৯ গৰাকী মহিলা খেলুৱৈ আৰু পুৰুষ -মহিলাৰ দুগৰাকীকৈ প্ৰশিক্ষক অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে অ' অমৰজিৎ সিংহই থাইলেণ্ডত ২০২৫ আৰু ২০২৬ চনত অনুষ্ঠিত কিংছ কাপ ছেপাকটাক্ৰ' বিশ্ব চেম্পিয়নশ্বিপত একোটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ইতিপূৰ্বে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত দেশক প্ৰতিনিধিত্ব কৰি অহা অমৰজিতে ২০২৪ চনত কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম দক্ষিণ এছিয়ান ছেপাকটাক্ৰ' চেম্পিয়নশ্বিপত ২টা স্বৰ্ণ আৰু ২০২৫ চনত কুৱালালামপুৰত অনুষ্ঠিত ইছটাক ছেপাকটাক্ৰ' এছিয়ান কাপত ব্ৰঞ্জৰ পদক জয় কৰিছিল। আগন্তুক এছিয়ান গেমছত অমৰজিতে ৰেগু আৰু দলগত শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। অসম ছেপাকটাক্ৰ' সন্থাৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা আৰু সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছাৰ লগতে সন্থাৰ সমুহ সদস্যই অমৰজিতক শুভেচ্ছা জনাইছে আৰু টুৰ্ণামেণ্টখনত উজ্জীৱিত প্ৰদৰ্শনেৰে দেশৰ হৈ পদক অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *