গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ৰাজস্থানত "ষষ্ঠ নেচনেল হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ"।গুৱাহাটীৰ পৰা ৰাওনা ১০ জনীয়া অসম দল।
অসম দলৰ নেতৃত্বত দেৱজিৎ গগৈ।
অহা ১৮ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত হ'ব "ষষ্ঠ নেচনেল হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ-২০২৬"।
এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ১০ জনীয়া অসম দলটো ইতিমধ্যে ৰাজস্থানৰ অভিমুখে ৰাওনা হৈছে।"হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছচিয়েচন অৱ আছাম"ৰ তত্বাবধানত যোৱা অসম দলটোৰ নেতৃত্বত আছে সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈ।মংগলবাৰে দুপৰীয়া ১২ বজাত ৰেলযোগে গুৱাহাটীৰ পৰা অসম দলটো ৰাওনা হোৱাৰ পাছত বুধবাৰে পুৱা উপস্থিত হৈছে কলকাতাত।বুধবাৰে সন্ধিয়া কলকাতাৰ পৰা যাত্রা আৰম্ভ কৰি পোনে পোনে দলটো উপস্থিত হ'ব ৰাজস্থানৰ যোধপুৰত।এই প্ৰতিযোগিতাৰ পৰাই চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হ'বলগা "এছিয়ান চেম্পিয়নশ্বিপ"ৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি।
ইফালে অসম এৰাৰ প্ৰাকমুহুৰ্তত সোমবাৰে গুৱাহাটীৰ "ঈগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগা একাডেমী"ত অনুষ্ঠিত হ'ল এদিনীয়া প্ৰশিক্ষণ শিবিৰ।
প্ৰশিক্ষণ শিবিৰৰ অন্তত পুৰুষ-মহিলা উভয়ে দাঙি ধৰিলে "হেণ্ড টু হেণ্ড" সমৰকলাৰ ডেমট্ৰেচন।এই অনুষ্ঠানতে খেলুৱৈসকলক অসম দলৰ টি-চাৰ্ট বিতৰণ কৰে "হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছচিয়েচন অৱ আছাম"ৰ উপ-সভাপতি অমল নাৰায়ণ পাটোৱাৰী,সাধাৰণ সম্পাদক দেৱজিৎ গগৈ-এ।
ৰাজস্থানৰ "নেচনেল চেম্পিয়নশ্বিপ"ত অংশ লোৱা অসম দলটোক শুভেচ্ছা জনালে "হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছচিয়েচন অৱ আছাম"ৰ উপ-সভাপতি অমল নাৰায়ণ পাটোৱাৰী-এ।লগতে আগন্তুক "আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ" সমূহলৈ অসমৰ অভিলেখ সংখ্যক খেলুৱৈ বাছনি হ'ব বুলি আশাবাদী তেওঁ।
উল্লেখ্য যে, ১০ জনীয়া অসম দলৰ ভিতৰত আছে ৩ গৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ।তেওঁলোক হ'ল ক্ৰমে শংশাক গগৈ,দেৱজিৎ দুৱৰী আৰু প্ৰদীপ্ত গগৈ।অসম দলটোৱে সামগ্ৰিকভাৱে সুন্দৰ ফলাফল দাঙি ধৰিব আশা প্ৰকাশ কৰিলে "হেণ্ড টু হেণ্ড"ৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ কেইগৰাকী-এ।ক্ৰীড়া অনুৰাগীৰ আশা- "ষষ্ঠ সংখ্যক নেচনেল হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ"ত অপ্ৰতিৰোধ্য হওঁক অসম দল।দুৰ্দান্ত প্ৰদৰ্শনেৰে এছিয়ান চেম্পিয়নশ্বিপ"লৈ বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক "হেণ্ড টু হেণ্ড"ৰ খেলুৱৈ-এ।


0 Comments