“অভিৰুচি” ক্ৰীড়া আলোচনী,”অভিৰুচি ক্ৰীড়া দিৱস” আৰু বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী

September 18, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

এগৰাকী স্থিতপ্রজ্ঞ ক্রীড়াপ্রেমী। অসমৰ জাতীয় জীৱনত ক্রীড়াক জীপাল কৰি তোলাৰ প্ৰয়াসেৰে সংগঠিত ভাবে আগবাঢ়ি অহা এক দুৰ্বাৰ হেঁপাহৰ নাম বলেন্দ্ৰ মোহন চক্রবর্ত্তী। সপোন দেখিছিল তেওঁ এগৰাকী খেলুৱৈক "জাতিৰ প্রাণ" ৰূপে প্রতিষ্ঠা কৰাৰ । তাৰেই
আখৰা চলিছিল আজিৰ পৰা ৪৬ বছৰ পূর্বতে। সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ ,দেশৰ সম্পদ শ্লোগানাৰে প্রথমখন অসমীয়া ক্রীড়া আলোচনী "অভিৰুচি"ৰ জৰিয়তে তেওঁ আৰম্ভ কৰিছিল এক অভিলাষি আঁচনি । সংগ দিছিল অসমৰ বিভিন্ন প্রান্তৰ আন কেইবাগৰাকীও ক্রীড়া সাংবাদিক,ক্রীড়াপ্রেমী ব্যক্তিয়ে । ২৮ বছৰীয়া চফল ডেকা সেই গৰাকী ক্রীড়াপ্ৰাণ ব্যক্তি আজি ৭৩ বছৰীয়া হ'ল । তেওঁ আৰম্ভ কৰা "অভিৰুচি" ক্রীড়া আলোচনীয়ে ৰূপ পালে এক অভিনৱ ক্ৰীড়া আন্দোলনত । কিদৰে গঢ় দিয়া হ'ল বলেন্দ্র মোহন চক্রবর্তীৰ সেই পৰিকল্পনাক। ওপজা দিনত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ সন্দৰ্ভত বিশেষ প্রতিবেদন।

"ক্রীড়াৰ মাধ্যমেতে জিলিকাম লুইতৰ পাৰ"- এই সপোনকেই সৰোগত কৰি , ক্রীড়াক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ
মানসেৰেই বলেন্দ্র মোহন চক্রবর্ত্তীয়ে অভিৰুচি ক্রীড়া আলোচনীৰ পিছত ১৯৮৪ চনত আৰম্ভ কৰিছিল আন এক অভিযান। অসমৰ সৰ্বকালৰ শ্রেষ্ঠ এথলীট, ১৯৬৬ চনৰ বেংকক এছিয়াডৰ ৮০০ মিটাৰ দৌৰৰ স্বর্ণ জয়ী পূর্বাঞ্চলৰ প্রথমগৰাকী 'অর্জুন 'ভোগেশ্বৰ বৰুৱাৰ
জন্মদিন ৩ ছেপ্টেম্বৰত আৰম্ভ হৈছিল "অভিৰুচি ক্রীড়া দিৱস"ৰ পৰিকল্পনা ।

সেয়া ১৯৮৪ চনৰ কথা । এগৰাকী ক্রীড়াবিদৰ জীৱনকালতেই আৰম্ভ হোৱা এই অভিনৱ ক্রীড়া আন্দোলনে আজি ৪৩ বছৰ অতিক্রম কৰিলে । সমগ্র দেশত আজি চর্চিত হৈছে বলেন্দ্রমোহন চক্রবর্ত্তী আৰু তেওঁৰ অভিৰুচি গোষ্ঠীৰ "ক্রীড়া দিৱস"ৰ পৰিকল্পনা। ক্রীড়া মহিৰূহ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ এই অনুষ্ঠান সমগ্র ৰাজ্যতে শতাধিক স্থানত উদযাপিত হৈছে বিভিন্ন কাৰ্যসূচীৰে। দেশৰ ক্রীড়াক্ষেত্রত " সামূহীয়া দৌৰ" কাৰ্যসূচীয়েআজি সমাদৃত হৈছে ।

"অভিৰুচি ক্রীড়া দিৱস"ৰ সামূহীয়া দৌৰৰ কাৰ্যসূচীত অংশ লৈ অভিভূত হৈ পৰিছে মিলখা সিং,প্ৰবীণ কুমাৰ,প্ৰেমচান্দ ডোগ্ৰা,কপিল দেৱ,অজিত ৱাডেকাৰ,কিৰণ বেদী,অশ্বিনী নাছাপ্পাৰ দৰে প্ৰখ্যাত খেলুৱৈসকল । এই মহা আয়োজনৰ লগে লগে বলেন্দ্ৰ মোহন চক্রৱৰ্তী আৰু তেওঁৰ দলে আৰম্ভ কৰিছে "অভিৰুচি কলেজ অৱ ফিজিকেল এডুকেছন"নামৰ এক শাৰীৰিক শিক্ষা প্রতিষ্ঠান। অসমৰ নৱ প্রজন্মৰ ক্রীড়াবিদ সকলক
শাৰিৰীক শিক্ষাৰ জ্ঞান দিবলৈ ২০০৮ চনত আৰম্ভ হৈছে এই প্রতিষ্ঠানটো।

আজিও এগৰাকী যুৱকৰ দৰে কৰ্মক্ষেত্রত সক্ৰিয় বলেন্দ্ৰ মোহন চক্ৰৱর্তীৰ দৃষ্টিত আছে বহু পৰিকল্পনা । অসমত এখন সম্পূৰ্ণ ক্ৰীড়া প্ৰকল্প, এখন এথলেটিকছ একাডেমীৰ আশাও মনতে পুঁহি ৰাখিছে অক্লান্ত ক্রীড়াপ্ৰেমী, সংগঠক গৰাকীয়ে।ক্ৰীড়া অনুৰাগীৰ আশা -বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ এই জীৱনজোৰা সাধনাই অসম চৰকাৰৰ পৰা লাভ কৰক স্বীকৃতি । চক্ৰৱৰ্তী আৰু তেওঁৰ দলে লাভ কৰা সামাজিক স্বীকৃতিয়ে আজি পাওঁক পূৰ্ণতা । সমগ্র অসমবাসীৰ শুভেচ্ছা, আৰ্শীবাদ আছে "অভিৰুচি গোষ্ঠী"ৰ এই মুৰব্বী গৰাকীৰ লগতে তেওঁৰ সহযোগী সকললৈ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *