গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
সমাগত "গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ"। ১১ টা ক্ৰিকেট দলৰ অংশগ্ৰহণ।
লীগৰ চেম্পিয়নছ ট্ৰফী উন্মোচন কাৰ্যসূচী।
দেওবাৰৰ পৰা সোণাপুৰৰ আৰোহণ স্পৰ্টছ ৱ'ল্ডত অনুষ্ঠিত হ'ব "গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ-২০২৬" ।টি-২০ ফৰ্মেটৰ এই লীগত অংশগ্ৰহণ কৰিব মুঠ ১১ টাকৈ ক্ৰিকেট দলে।প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হ'ল ক্ৰমে- ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিছ,ইণ্ডাছ টাৱাৰছ,আছাম চেক্ৰেটেৰিয়েট ক্ৰিকেট ক্লাব,এ.এছ ই.বি. ক্ৰিকেট ক্লাব,আৰ চি এছ,বাৰ এছচিয়েচন ,গুৱাৰাটী হাই ক'ৰ্ট, দিছ ট্ৰেভেল কোম্পানী,য়াত্রা ,ইণ্ডিয়ানছ বেংক আৰু পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং।

প্ৰতিযোগিতাখনত চেম্পিয়ন দলে ৪০ হাজাৰ,ৰাৰ্ণাছ দলে ৩০ হাজাৰ ,তৃতীয় স্থানৰ দলে ২০ হাজাৰ আৰু চতুৰ্থ স্থানৰ লাভ কৰিব ১০ হাজাৰ প্ৰাইজমাণি।মূল প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল শ্বৌলিন গ্ৰেণ্ডত লীগৰ "চেম্পিয়নছ ট্ৰফী" কৰা হয় উন্মোচন ।এই অনুষ্ঠানতে অংশগ্ৰহণ কৰা ১১ ক্ৰিকেট দলৰ প্ৰতিনিধিক বিতৰণ কৰা হয় নিজ নিজ দলৰ জাৰ্ছি।তদুপৰি ১১ টা দলৰ খেলুৱৈ তথা প্ৰতিনিধিৰ উপস্থিতিত লীগৰ নিয়ম-নীতি সমূহৰ ওপৰতো আলোকপাত কৰে আয়োজকে।
আয়োজকৰ হৈ এই সন্দৰ্ভ ত জনালে গুঞ্জল দত্তই ।

ইফালে, প্ৰতিযোগিতাখনত এদিনত অনুষ্ঠিত হ'ব দুখনকৈ মেচ।প্ৰথমখন মেচ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব দুপৰীয়া ১২.৩০ বজাৰ পৰা ।অহা ১১ অক্টোবৰত অনুষ্ঠিত হ'ব "গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ-২০২৬"ৰ ফাইনেলৰ মহাৰণ।চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই ক্ৰিকেট খেলিবলৈ এখন প্ৰতিযোগিতাৰ মঞ্চ তৈয়াৰ কৰিছে আয়োজকে।
ইয়াৰ ফলত দলগত ভাৱে পুনৰ ক্ৰিকেট খেলৰ মাদকতা লোৱাৰ উপৰি বিভিন্ন ক্ষেত্রত খেলুৱৈসকল উপকৃত হ'ব বুলি আশাবাদী "গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ"ৰ উদ্যোক্তা।

ক্ৰীড়া অনুৰাগীৰ আশা- সাফল্যমণ্ডিত হওঁক "গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ-২০২৬"।এনে লীগৰ আঁচলত ধৰি ক্ৰিকেট জগতত সূচনা হওঁক নৱ দিগন্তৰ।


0 Comments