“এছিয়ান গেমছ-২০২৬”ত অপ্ৰতিৰোধ্য ভাৰত,তৃতীয়দিন পৰ্যন্ত ভাৰতৰ পদকৰ সংখ্যা ৬ টালৈ বৃদ্ধি

September 21, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি-নাগোয়াত সগৌৰৱেৰে অব্যাহত আছে "২০ সংখ্যক এছিয়ান গেমছ" । তৃতীয়দিন পৰ্যন্ত ভাৰতে অৰ্জন কৰিছে মুঠ ৬ টা পদক। ইয়াৰে ৪ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক। ভাৰতে প্ৰথমটো পদক লাভ কৰে শ্বুটিং ইভেন্টৰ জৰিয়তে । ১০ মিটাৰ এয়াৰ ৰাইফলৰ ৱমেন টীম ইভেন্টত ভাৰতে দখল কৰে ৰূপৰ পদক। দলগতভাৱে এই সাফল্য অৰ্জন কৰে ভাৰতীয় শ্বুটাৰ ক্ৰমে- বিদৰ্শা কে বিনোদ,সোণম উত্তম মাসকাৰ আৰু এলাভেনিল ভালাৰিভানে। আনহাতে, ১০ মিটাৰ এয়াৰ ৰাইফল ৱমেনৰ ব্যক্তিগত শাখাত এলাভেনিল ভালাৰিভানে ৰূপ দখল কৰাৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ২ টালৈ বৃদ্ধি পালে ।

চলিত "এছিয়ান গেমছ"ত ভাৰতে তৃতীয়টো পদক লাভ কৰে পুৰুষৰ শ্বুটিঙৰ জৰিয়তে ।১০ মিটাৰ এয়াৰ ৰাইফল মেন টীম ইভেন্টত ভাৰতে লাভ কৰে ৰূপৰ পদক ।ৰূপজয়ী ভাৰতৰ শ্বুটাৰসকল হ'ল -হিমাংশু ধিলন,পাৰ্থ মানে আৰু ৰুদ্ৰাংকশ পাটিল ।

ইফালে,আইচি-নাগোয়াত ইতিহাস ৰচিলে ভাৰতীয় এম এম এ খেলুৱৈ-এ।"এছিয়ান গেমছ"ত পদকজয়ী প্ৰথমগৰাকী ভাৰতীয় এম এম এ খেলুৱৈ ৰূপে পৰিগণিত সুচিকা তাৰিয়াল।মহিলাৰ পৰম্পৰাগত ৬০ কেজিত খেলুৱৈ গৰাকীয়ে আজুৰিলে ব্ৰঞ্জৰ পদক।ফলত চলিত "এছিয়ান গেমছ-২০২৬" ত ভাৰতৰ পদকৰ সংখ্যা ৪ টালৈ বৃদ্ধি পালে ।

তদুপৰি শ্বুটিঙৰ জৰিয়তেই ভাৰতে লাভ কৰে পঞ্চম আৰু ষষ্ঠটো পদক । পুৰুষৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফলত হিমাংশু ধিলনে ৰূপ আজুৰি অনাৰ বিপৰীতে পুৰুষৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফলত ৰুদ্ৰাংকশ পাটিলে লাভ কৰে ব্ৰঞ্জৰ পদক।

তদুপৰি,জাপানৰ "এছিয়ান গেমছ-২০২৬"ত অব্যাহত আছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়যাত্রা । ছেমিত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৱমেন ইন ব্লু'-এ। ছেমিৰ যুঁজত ১১৪ ৰাণত ভাৰতৰ হাতত বিধ্বস্ত হয় বাংলাদেশ।ইয়াৰ লগে লগে মহিলা ক্ৰিকেটত পদক নিশ্চিত কৰিলে ভাৰতে । মংগলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে স্বৰ্ণপদকৰ যুঁজত নামিব ভাৰতীয় মহিলা দল ।

উল্লেখ্য যে, চলিত "এছিয়ান গেমছ"ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াইছে অসমৰ তিনি সন্তানে । তেওঁলোক হ'ল -বক্সিঙত লাভলীনা বৰগোঁহাই,বেডমিন্টনত ঈশাৰাণী বৰুৱা আৰু ছেপাকটাক্ৰত অ' অমৰজিৎ সিংহ । ক্ৰীড়া অনুৰাগীৰ আশা, জাপানৰ "এছিয়ান গেমছ"ত দুৰ্দান্ত হৈ উঠক ভাৰতীয় এথলীট । ভাৰত মাতৃক উপহাৰ দিয়ক অভিলেখ সংখ্যক পদক ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *