জাপানত ভাৰতৰ বিজয়ধ্বজ্জা উৰুৱাবলৈ সাজু সমীৰ দাস

September 21, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

জাপানলৈ ৰাওনা কাৰাটে প্ৰশিক্ষক সমীৰ দাস।১১ সংখ্যক চিটৰিঅ' কাৰাটে ডু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ"ত কৰিব অংশগ্ৰহণ।৫৪ বছৰ বয়সত ভাৰতৰ হৈ খেলিবলৈ সাজু সমীৰ দাস।

জাপানৰ য়ক'হামাত অনুষ্ঠিত হৈছে "১১ সংখ্যক চিটৰিঅ' কাৰাটে ডু ইন্টাৰনেচনেল চেম্পিয়মশ্বিপ-২০২৬" ।
এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ মাষ্টাৰ্ছ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ কাৰাটে প্ৰশিক্ষক তথা ভেটাৰ্ণ কাৰাটেকা সমীৰ দাসে।কিছু দিনৰ পূৰ্বে অল ইণ্ডিয়া চিটৰিঅ' কাৰাটে ডু ইউনিয়নৰ অধীনত অনুষ্ঠিত হোৱা " ২৯ সংখ্যক অল ইণ্ডিয়া চিটৰিঅ' কাৰাটে ডু চেম্পিয়নশ্বিপ-২০২৬" ত পদক জয়ৰ সুবাদত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে সমীৰ দাসে। প্ৰায় ৬৪ খন দেশে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ ভেটাৰ্ণ শাখাত ক্ৰীড়া প্ৰদৰ্শন দাঙি ধৰিব তেওঁ।সোমবাৰে ইতিমধ্যে গুৱাহাটীৰ পৰা বিমানযোগে দিল্লী আৰু দিল্লীৰ পৰা বেংগালুৰুত উপস্থিত হৈছে ভেটাৰ্ণ খেলুৱৈ গৰাকী।অসম এৰাৰ প্ৰাকক্ষণত প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে কাৰাটে প্ৰশিক্ষক সমীৰ দাসে।

ইয়াৰ পূৰ্বে ২০০৯ চনত চীনৰ বেইজিঙত অনুষ্ঠিত "ষষ্ঠ ডব্লিউ. এছ.কে এফ.- ৱ'ল্ড চেম্পিয়নশ্বিপ"ৰ ছিনিয়ৰ শাখাত ভাৰতৰ হৈ প্ৰদৰ্শন আগবঢ়াইছিল সমীৰ দাসে।প্ৰায় ১৭ বছৰৰ বিৰতিৰ পাছত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা খেলিবলৈ সাজু হৈছে মাষ্টাৰ্ছ খেলুৱৈ গৰাকী।

ইফালে,যোৱা চাৰিমাহ ধৰি অসুস্থ হৈ আছিল কাৰাটে প্ৰশিক্ষক সমীৰ দাস। "হিয়াৰ আমঠু" জুবিন গাৰ্গৰ এটি বিশেষ গীতে আত্মবিশ্বাসী কৰি তুলিলে তেওঁক।এটি গীতৰ অনুপ্ৰেৰণাত আকৌ আৰম্ভ কৰিলে কাৰাটেৰ অনুশীলন। "যদি জীৱনৰ ৰং বোৰে লুকা-ভাকু খেলে" - শীৰ্ষক গীতে পুনৰবাৰ মনোবল জগাই তুলিলে ৫৪ বছৰীয়া কাৰাটে প্ৰশিক্ষক সমীৰ দাসক।

বিগত কেইবা বছৰ ধৰি "আছাম চিটৰিঅ' কাৰাটে ডু এছচিয়েচন ",ৰেহাবাৰী ড'জত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সমীৰ দাসে।
প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ মাজতে ৰাতিপুৱা কিছু সময় উলিয়াই জাপানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলালে সমীৰ দাসে।অসম চৰকাৰৰ পৰা লাভ কৰা "ক্ৰীড়া পেঞ্চন"ৰ এটা অংশ প্ৰতিযোগিতাৰ বাবে প্ৰতিমাহে সাঁচি ৰাখিছিল সমীৰ দাসে।সেই ধনৰাশিৰ উপৰি জাপানলৈ যোৱাৰ ক্ষেত্রত তেওঁৰ বন্ধু-বৰ্গই আৰ্থিকভাৱে সহযোগিতা কৰিছে সমীৰ দাসক।

উল্লেখ্য যে, মংগলবাৰে দিনৰ ১১ বজাত বেংগালুৰুৰ পৰা জাপান অভিমুখে ৰাওনা হ'ব সমীৰ দাস।আনহাতে, অহা ২৫ ছেপ্তেম্বৰত জাপানৰ ক্ৰীড়াঙ্গনত নামিব সমীৰ দাস।প্ৰতিযোগিতাৰ পূৰ্বে অসম বাসীৰ পৰা আৰ্শীবাদ বিচাৰিলে মাষ্টাৰ্ছ কাৰাটে খেলুৱৈ গৰাকী-এ। ক্ৰীড়া অনুৰাগীৰ আশা- বয়সৰ প্ৰত্যাহ্বান নেওঁচি জাপানত য়ক'হামাত অপ্ৰতিৰোধ্য হৈ উঠক সমীৰ দাস।দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতক উপহাৰ দিয়ক পদকৰ উপহাৰ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *