গুৱাহাটীত কিক বক্সাৰৰ ক্ৰীড়া প্ৰদৰ্শন

September 22, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীত "প্ৰথম কিক বক্সিং এছচিয়েচন কাপ-২০২৬"।নলবাৰী জিলাৰ খেলুৱৈৰ ১৯ টা পদক অৰ্জন। নৰ্থ ইষ্ট গেমছলৈ খেলুৱৈ বাছনি।
সন্থাৰ সম্পাদক আজহাৰুল আমিনৰ শুভেচ্ছা।

যোৱা ১৯ আৰু ২০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হয় "প্ৰথম সংখ্যক কিক বক্সিং এছচিয়েচন কাপ-২০২৬" ।এই প্ৰতিযোগিতাত নলবাৰী জিলা কিক বক্সিং সন্থাৰ তৰফৰ পৰা অংশগ্ৰহণ কৰিলে মুঠ ২৩ গৰাকী খেলুৱৈ-এ । দুৰ্দান্ত প্ৰদৰ্শনেৰে নলবাৰীৰ কিক বক্সাৰে আজুৰি আনিলে মুঠ ১৯ টাকৈ পদক ।ইয়াৰে ১৩ সোণ,৪ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক।

সোণজয়ী খেলুৱৈ হ'ল -নৈতিক মদন বাশফৰ,ছাকিল আহমেদ,জাফৰিদ জেন আখতাৰ,দেৱজিৎ দাস,আয়ুষ্মান প্ৰিয়াৰ,খুচি পাটোৱাৰী,মৌচম বৰ্মন,কৃষাণ ঠাকুৰীয়া,হৃদয় মেধি ,চাৰলি বড়ো,দিশ্বিতা তালুকদাৰ,নিলাক্ষী শৰ্মা আৰু নেইনা শৰ্মা ।সেইদৰে,ৰূপ দখল কৰা খেলুৱৈ সকল হ'ল ক্ৰমে-মৃগাংক কলিতা,দেৱৰ্ষী বৰ্মন,হংচিখা পাটোৱাৰী আৰু হিৰকজ্যোতি বৰ্মন ।আনহাতে, ব্ৰঞ্জ লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ হ'ল ক্ৰমে- আধিৰাদ ঠাকুৰীয়া আৰু ৰিয়ামণি বেজবৰুৱা ।

ইফালে, দলটোক নেতৃত্ব প্ৰদান কৰিৱে ৰাষ্ট্ৰীয় কিক বক্সিং ৰেফাৰী-নলবাৰী জিলা কিক বক্সিং সন্থাৰ সাধাৰণ সম্পাদক তথা মুখ্য প্ৰশিক্ষক আজহাৰুল আমিনে । তদুপৰি দলটোক সহযোগিতা কৰিলে সন্থাৰ সহকাৰী সম্পাদক তথা প্ৰশিক্ষক মাষ্টাৰ অমল শৰ্মা,টীম মেনেজাৰ তিলক পাটোৱাৰী আৰু সদস্য হিতেশ তালুকদাৰে ।

এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক অৰুণাচলত অনুষ্ঠিত হ'বলগা "চতুৰ্থ নৰ্থ ইষ্ট গেমছ"ৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি । ইতিমধ্যে এই প্ৰতিযোগিতাৰ নলবাৰী জিলা কিক বক্সিং সন্থাৰ কেইবাজনো খেলুৱৈ বাছনি হৈছে বুলি জনালে আজহাৰুল আমিনে ।

ক্ৰীড়া অনুৰাগীৰ আশা- সমাগত "চতুৰ্থ নৰ্থ ইষ্ট গেমছ-২০২৬"ত অপ্ৰতিৰোধ্য হৈ উঠক নলবাৰী জিলা কিক বক্সিং সন্থাৰ খেলুৱৈ । সন্থাৰ সম্পাদক তথা মুখ্য প্ৰশিক্ষক আজহাৰুল আমিনৰ নেতৃত্বত অৰুণাচলৰ মাটিত অসমক উপহাৰ দিয়ক অভিলেখ সংখ্যক পদক ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *