“এছিয়ান গেমছ-২০২৬”ৰ পঞ্চমদিনাৰ অন্তত ভাৰতীয় দলৰ ফলাফল

September 23, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"এছিয়ান গেমছ-২০২৬"ত ভাৰতৰ পদকৰ বৰষুণ। বুধবাৰ পৰ্যন্ত ভাৰতৰ পদকৰ সংখ্যা ১২ টা । তালিকাৰ ত্রয়োদশ স্থানত ভাৰত। ২৮ ছেপ্তেম্বৰত বক্সিং ৰিঙত নামিব অসমৰ লাভলীনা ।

যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি-নাগোয়াত সগৌৰৱেৰে অব্যাহত আছে "২০ সংখ্যক এছিয়ান গেমছ-২০২৬" ।প্ৰতিযোগিতাৰ পঞ্চমদিনা বুধবাৰ পৰ্যন্ত ভাৰতে অৰ্জন কৰিছে মুঠ ১২ টা পদক । ইয়াৰে ১ সোণ, ৫ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদক । বুধবাৰে প্ৰতিযোগিতাৰ পঞ্চমদিনা ভাৰতৰ এথলীটে দেশমাতৃক উপহাৰ দিলে ৫ টা পদক ।

চলিত "এছিয়ান গেমছ-২০২৬"ৰ ভাৰোত্তোলনত ভাৰতে লাভ কৰে অষ্টমটো পদক । মহিলাৰ ৪৯ কেজি শাখাত উত্তৰ-পূবাঞ্চলৰ জীয়াৰী মিৰাবাঈ চানু-এ দখল কৰে ৰূপৰ পদক ।তেওঁ স্নেচত ৮৭ কেজি,ক্লীন এণ্ড জাৰ্কত ১১১ কেজিৰে সৰ্বমুঠ উত্তোলন কৰে ১৯৮ কেজি।

ইয়াৰ পাছতে ভাৰতীয় চফ্ট টেনিছ খেলুৱৈ জয় মিনাই অৰ্জন কৰে ব্ৰঞ্জৰ পদক ।
"এছিয়ান গেমছ"ৰ চফ্ট টেনিছত পদকজয় কৰা প্ৰথগৰাকী ভাৰতীয় ৰূপে পৰিগণিত হ'ল জয় মিনা ।ইয়াৰ লগে লগে,ভাৰতৰ পদকৰ সংখ্যা ৯ টালৈ বৃদ্ধি পালে ।

ইফালে, ভাৰতে দশম আৰু একাদশটো পদক লাভ কৰে "মেন স্কীট দল আৰু "ৱমেন স্কীট দল"ৰ জৰিয়তে । "মেন স্কীট দল" আৰু "ৱমেন স্কীট দল" উভয়ে চলিত এছিয়ান গেমছত অৰ্জন কৰে এটাকৈ ব্ৰঞ্জৰ পদক ।পদকজয়ী "পুৰুষ স্কীট দল"ৰ খেলুৱৈসকল হ'ল ক্ৰমে -অনন্ত জীত সিং নাৰুকা, ভৱতেগ সিং গিল আৰু মৈৰাজ আহেমদ খান ।পুৰুষৰ দলটোৱে মুঠ ৩৪৬ পইন্ট সংগ্ৰহেৰে দখল কৰে তৃতীয় স্থান । আনহাতে,ব্ৰঞ্জজয়ী "মহিলা স্কীট দল"ৰ খেলুৱৈসকল হ'ল ক্ৰমে-মহেশ্বৰী চৌহান ,পৰিনাজ ধলিৱান আৰু ৰাইজা ধিলন ।মহিলাৰ দলটোৱে মুঠ ৩৩১ পইন্ট সংগ্ৰহেৰে দখল কৰে তৃতীয় স্থান ।

তদুপৰি,চলিত "এছিয়ান গেমছ"ত পুৰুষৰ বেডমিন্টন দলেও বুধবাৰে লাভ কৰে ব্ৰঞ্জৰ পদক ।ছেমিত চীনৰ হাতত ১-৩ ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জ পদকত ক্ষান্ত থাকিল ভাৰতীয় দলটো । ফলত বুধবাৰ পৰ্যন্ত ভাৰতৰ পদকৰ সংখ্যাই স্পৰ্শ কৰিলে ১২ ৰ ঘৰ ।

প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে,পদকৰ তালিকাত মুঠ ৭৮ টা পদকেৰে শীৰ্ষত আছে চীন
। সেইদৰে,৬৭ টা পদকেৰে দ্বিতীয় স্থানত আছে আয়োজক জাপান ।মুঠ ১২ টা পদকেৰে তালিকাৰ ত্রয়োদশ স্থানত অৱস্থান কৰিছে ভাৰতে ।

উল্লেখ্য যে, এতিয়ালৈকে মহিলা ক্ৰিকেট দলৰ জৰিয়তে ভাৰতে লাভ কৰিছে একমাত্র সোণৰ পদকটো ।মংগলবাৰে ফাইনেলত শ্ৰীংলকাক হৰুৱাই ভাৰতক স্বৰ্ণ পদক উপহাৰ দিয়ে "ৱমেন ইন ব্লু"-এ । এইবাৰৰ "এছিয়ান গেমছ"ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা তিনি অসম সন্তান ক্ৰমে বক্সিঙত লাভলীনা বৰগোঁহাই,বেডমিন্টনত ঈশাৰাণী বৰুৱা আৰু ছেপাকটাক্ৰত অ' অমৰজিৎ সিংহ । অহা ২৮ ছেপ্তেম্বৰত জাপানৰ "এছিয়ান গেমছ-২০২৬ "-ৰ ক্ৰীড়াঙ্গনত নামিব অসমৰ লাভলীনা বৰগোঁহাই।কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত দক্ষিণ কোৰিয়াৰ বক্সাৰৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব ৰিঙৰ ৰাণী লাভলীনা ।

ক্ৰীড়া অনুৰাগীৰ আশা - চলিত "এছিয়ান গেমছ"ত অপ্ৰতিৰোধ্য হওঁক ভাৰতীয় এথলীট । দুৰ্দান্ত প্ৰদৰ্শনেৰে জাপানৰ আইচি-নাগোয়াৰ মাটিত উৰক ভাৰতৰ বিজয়ধ্বজ্জা ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *