“এছিয়ান গেমছ-২০২৬”ত অষ্টমদিনাৰ অন্তত ভাৰতৰ ফলাফল

September 26, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি-নাগোয়াত সগৌৰৱেৰে অব্যাহত আছে "২০ সংখ্যক এছিয়ান গেমছ-২০২৬ ।প্ৰতিযোগিতাৰ অষ্টমদিন শনিবাৰ পৰ্যন্ত ভাৰতে অৰ্জন কৰিছে মুঠ ৩০ টা পদক । ইয়াৰে ৪ টা সোণ ১২ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদক ।শনিবাৰে প্ৰতিযোগিতাৰ অষ্টমদিনা ভাৰতীয় এথলীটে দেশমাতৃক উপহাৰ দিলে ৭ টাকৈ পদক।

তাৎপৰ্যভাৱে ,কাবাডীৰ জৰিয়তে ভাৰতে শনিবাৰে লাভ কৰে দুটা স্বৰ্ণ পদক । পুৰুষৰ কাবাডীত ইৰাণক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতে । ফাইনেলত ইৰাণৰ বিৰুদ্ধে ৪০-৩৪ ৰ ব্যৱধানত জয়ী হয় পুৰুষৰ ভাৰতীয় কাবাডী দল । সেইদৰে, ইৰাণক পৰাস্ত কৰি মহিলা কাবাডীৰ খিতাপ দখল কৰে ভাৰতে । ফাইনেলত ইৰাণক ৩৭-৩৪ ৰ ব্যৱধানত পৰাভূত কৰি ঐতিহাসিক জয় সাব্যস্ত কৰে কাবাডীৰ ভাৰতীয় মহিলা দলে ।

অষ্টমদিনা পুৰুষৰ মাৰাথনত সাৱাল বৰৱালে দখল কৰিলে ৰূপৰ পদক । ২ ঘন্টা ,১১ মিনিট ,৩৭ ছেকেণ্ড সময়েৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি এই সাফল্য অৰ্জন কৰে খেলুৱৈ গৰাকী-এ । "এছিয়ান গেমছ"ৰ মাৰাথনত পদক লাভ কৰা চতুৰ্থ গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় সাৱান ।

"এছিয়ান গেমছ"ৰ মিক্সড ডাবোলছ স্কোৱাছত ভাৰতে দখল কৰে ব্ৰঞ্জৰ পদক । জোস্না চিনাপ্পা আৰু ভেলাভান চেন্থিলকুমাৰে লাভ কৰে এই সাফল্য। ছেমিফাইনেলত চীনৰ লি কা য়ি আৰু টাং মিং হঙৰ হাতত পৰাস্ত কৰি ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয় ভাৰতীয় দুই খেলুৱৈ ।

চলিত "এছিয়ান গেমছ"ৰ অষ্টমদিনা এথলেটিকছত ভাৰতে লাভ কৰে দুটা পদক ।শ্বট পুটত ভাৰতীয় খেলুৱৈ তাজিন্দৰপাল সিঙে আজুৰি আনে ৰূপৰ পদক ।২৬.৬৪ মিটাৰ দলিয়াই আইচি-নাগোয়াত জিলিকিল তাজিন্দৰপাল সিং ।সেইদৰে,মহিলাৰ ৪০০ মিটাৰত ব্ৰঞ্জ লাভ কৰে ভাৰতীয় স্প্ৰীন্টাৰ প্ৰাচী চৌধুৰীয়ে ।৫৩.২১ ছেকেণ্ডত প্ৰাচীয়ে লাভ কৰে এই সাফল্য ।

মহিলাৰ ৫০ মিটাৰ ৩ পজিচনত ভাৰতে দখল কৰে ৰূপৰ পদক ।পদকজয়ী ভাৰতীয় দলৰ খেলুৱৈ হ'ল -তিলোত্তমা লেন,বিদৰ্শা বিনোদ আৰু আশি চৌকছ ।দলটোৱে ১৭৬৩ পইন্টেৰে লাভ কৰে এই সাফল্য ।

উল্লেখ্য যে, চলিত "এছিয়ান গেমছ"ৰ অষ্টম দিনাৰ অন্তত মুঠ ১৭৬ টা পদকেৰে শীৰ্ষত থাকিল চীন। মুঠ ১২৯ টা পদকেৰে আয়োজক জাপান দ্বিতীয়ত থকাৰ বিপৰীতে মুঠ ৩০ টা পদকেৰে দশম স্থানলৈ উন্নীত হ'ল ভাৰত ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *