“এছিয়ান গেমছত -২০২৬” ত নৱম দিনাৰ অন্তত ভাৰতৰ ফলাফল

September 27, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি-নাগোয়াত সগৌৰৱেৰে অব্যাহত আছে "২০ সংখ্যক এছিয়ান গেমছ-২০২৬" ।প্ৰতিযোগিতাৰ নৱমদিনা দেওবাৰ পৰ্যন্ত ভাৰতে অৰ্জন কৰে মুঠ ৩৭ টা পদক । ইয়াৰে ৪ টা সোণ,১৬ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক ।প্ৰতিযোগিতাখনত দেওবাৰে ভাৰতীয় এথলীটে দেশমাতৃক উপহাৰ দিলে মুঠ ৭ টাকৈ পদক।

দেওবাৰে স্কোৱাছৰ মেন ছিংগলত ভাৰতীয় খেলুৱৈ অভয় সিঙে আজুৰি আনে ৰূপৰ পদক। ফাইনেলত মালয়েছিয়াৰ ইয়ন ইয়' এন জিৰ হাতত পৰাস্ত হয় অভয় । ফলত ২০১৪ আৰু ২০২৩ চনত ৰূপজয়ী সৌৰভ ঘোছালৰ পিছত পুৰুষৰ একক শাখাত পদক অৰ্জন কৰা দ্বিতীয় গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় অভয়। স্কোৱাছৰ ৱমেন ছিংগলতো ভাৰতে লাভ কৰে পদক । স্কোৱাছ খেলুৱৈ আনাহাত সিঙৰ জৰিয়তে ৰূপ লাভ কৰে ভাৰতে ।ফাইনেলত মালয়েছিয়াৰ শিৱসংগৰী সুব্ৰমনিয়ামে ৩-০(১১-৪,১১-৪,১১-৭) ৰ ব্যৱধানত পৰাস্ত কৰে আনাহাতক।
স্কোৱাছৰ ৱমেন ছিংগলত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় আনাহাত ।

চলিত "এছিয়ান গেমছ"ত ভাৰতলৈ ৩৩ সংখ্যক পদকটো আহে এথলেটিকছৰ জৰিয়তে ।মহিলাৰ ২০০ মিটাৰ দৌৰত হৰিতা ভদ্ৰাই দখল কৰে ব্ৰঞ্জ । ২৩.২০ ছেকেণ্ড সময়েৰে এই সাফল্য লাভ কৰে মহাৰাষ্ট্ৰৰ ২৩ বছৰীয়া স্প্ৰিন্টাৰ গৰাকীয়ে।

সেইদৰে ,মহিলাৰ লং জাম্পত এন্সি ছজানে দখল কৰে ৰূপৰ পদক । ৬.৫৩ মিটাৰ জঁপিয়াই এন্সিয়ে লাভ কৰে এই সফলতা। আনহাতে, পুৰুষৰ ডেকাথলনত ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট তেজস্বীন শংকৰে লাভ কৰে ব্ৰঞ্জৰ পদক । ১০ টা ইভেন্টৰ প্ৰতিযোগিতাত সৰ্বমুঠ ৭৯৩৪ পইন্টেৰে লাভ কৰে এই সাফল্য। অন্তিম ১৫০০ মিটাৰ দৌৰত ৪:৩৩.৯ ছেকেণ্ডত দৰ্শনীয় জয়লাভেৰে খেলুৱৈ গৰাকীয়ে অৰ্জন কৰে এই কৃতিত্ব ।

চলিত "এছিয়ান গেমছ"ত ভাৰতৰ বাবে ৩৬ সংখ্যক পদকটোও আহে এথলেটিকছৰ জৰিয়তে । পুৰুষৰ হাই জাম্পত সৰ্বেশ কুশ্বাৰেয়ে অৰ্জন কৰে ৰূপৰ পদক । ২.২৫ মিটাৰ জঁপিয়াই খেলুৱৈ গৰাকীয়ে লাভ কৰে এই সফলতা। তদুপৰি, মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেছত পাৰুল চৌধুৰীয়ে অৰ্জন কৰে ব্ৰঞ্জৰ পদক । ৯:০৮.৬৭ সময়েৰে পাৰুল চৌধুৰীয়ে লাভ কৰে এই সফলতা । ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ৩৭ টালৈ বৃদ্ধি পালে ।

উল্লেখ্য যে, চলিত "এছিয়ান গেমছ ২০২৬" ৰ প্ৰতিযোগিতাৰ নৱমদিনাৰ অন্তত মুঠ ২০২ টা পদকেৰে শীৰ্ষত আছে চীন। সেইদৰে,মুঠ ১৫৪ টা পদকেৰে দ্বিতীয়ত আয়োজন জাপান থকাৰ বিপৰীতে মুঠ ৩৭ টা পদকেৰে দ্বাদশ স্থানত অৱস্থান কৰিছে ভাৰতে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *