ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজত আয়োজিত দ্বিতীয় এদিনীয়া মেচৰ চমকপ্ৰদ সফল সমাপ্তি: অসম ক্ৰিকেট সন্থাৰ কৃতজ্ঞতা প্ৰকাশ

October 1, 2026

K

Gogo Sports NE

গুৱাহাটী, ১ অক্টোবৰঃ

ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজত আয়োজিত দ্বিতীয়খন এদিনীয়া মেচৰ চমকপ্ৰদ সফল সমাপ্তিৰ বাবে অসম ক্ৰিকেট সন্থাই সকলোকে ধন্যবাদ জনাইছে ।অসমৰ ক্ৰিকেট যাত্ৰাৰ আন এক উল্লেখযোগ্য মাইলৰ খুঁটি স্বৰূপ হৈ পৰা এই মেচখনত দুয়োটা দলে দাঙি ধৰা ৰোমাঞ্চকৰ প্ৰদৰ্শনৰ সাক্ষী হৈ ৰয় গুৱাহাটীৰ এচিএ ষ্টেডিয়াম । সেইয়েহে এই মেচখনৰ সফল আয়োজনৰ সমাপ্তিৰ লগে লগে অৰিহণা যোগোৱা সকলোকে অসম ক্ৰিকেট সন্থাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই অসমলৈ বিশ্বমানৰ ক্ৰিকেট অনাৰ ক্ষেত্ৰত অকুন্ঠ সহায়, উৎসাহ আৰু পথ প্ৰদৰ্শনৰ বাবে সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসে এচিএৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

এচিএৰ সভাপতি তৰংগ গগৈয়ে কয়- “ বিভিন্ন দিশত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ পৰা লাভ কৰা অদম্য সহযোগিতাৰ বাবে আমি অসীম কৃতজ্ঞতা জ্ঞাপন কৰিছো । অসমক ক্ৰিকেট খেলৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু নিষ্ঠাই হল মূলমন্ত্ৰৰ দৰে ।”

এচিএৰ সম্পাদক সনাতন দাসেও কৃতজ্ঞতা জ্ঞাপন কৰি কয়- “সকলোৰে সহযোগিতামূলক প্ৰচেষ্টাৰ বাবেই এই খেলখনৰ সফল আয়োজন সম্ভৱ হৈছে । আমাৰ গ্ৰাউণ্ড ষ্টাফসকলৰ প্ৰচেষ্টা, ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ আৰু সকলো অংশীদাৰীৰ দায়বদ্ধতাক আমি গভীৰভাৱে শলাগ লৈছো ।”

অসম চৰকাৰ আৰু ইয়াৰ বিভিন্ন বিভাগলৈও বিশেষ ধন্যবাদ জ্ঞাপন কৰা হৈছে, যাৰ নিষ্ঠাবান প্ৰচেষ্টাই এই অনুষ্ঠানটো সম্ভৱ কৰি তুলিছিল । অসম আৰক্ষী, গুৱাহাটী পৌৰ নিগম , গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ , অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, অসম লোক নিৰ্মাণ বিভাগ , জনস্বাস্থ্য কাৰিকৰী বিভাগ, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আঁৰত থাকি অধ্যৱসায়ীভাৱে কাম কৰা আন সকলো অংশীদাৰ,-এই আটাইবোৰ পক্ষৰ সমন্বয় আৰু দায়বদ্ধতাই মেচখনৰ প্ৰতিটো দিশৰ নিৰৱচ্ছিন্ন সম্পাদন নিশ্চিত কৰিছিল ।

গ্ৰাউণ্ড ষ্টাফৰ বাবেও থাকিব বিশেষ প্ৰশংসা, যাৰ অদম্য প্ৰচেষ্টাই বিশ্বমানৰ খেলৰ বাবে খেলপথাৰ আৰু আউটফিল্ড সম্ভৱ হৈ থকাটো নিশ্চিত কৰিছিল ।অৱশেষত সমগ্ৰ ভাৰতৰ লগতে ইয়াৰ বাহিৰৰ পৰা অহা ক্ৰিকেট অনুৰাগীসকললৈ এচিএই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । খেলখনত মুঠ ৩০,৩৭৯ গৰাকী দৰ্শক উপস্থিত থাকি ষ্টেডিয়ামটো ভৰাই তুলিলে ।অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *