ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচত কেইবাটাও অভিলেখ স্থাপন

October 1, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰ্ষাপাৰাত ৰাণৰ ধাৰাষাৰ বৰষুণ । হিটমেন ৰোহিত শৰ্মাৰ শতকীয় ইনিংছ । অধিনায়ক শুভমন গিলৰ দ্বি-শতক অৰ্জন । বৰ্ষাপাৰাত কেইবাটাও অভিলেখ স্থাপন। ৩০ হাজাৰৰো অধিক দশকৰ কোলাহলত মুখৰিত এচিএ ষ্টেডিয়াম ।

বুধবাৰে বৰ্ষাপাৰাৰ এচিএ ষ্টেডিমায়ত অনুষ্ঠিত হ'ল ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন ৰোমাঞ্চকৰ মেচ । দৰ্শকৰ বাবে দুপৰীয়া ১২ বজাত মুকলি কৰি দিয়া হয় ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰা । প্ৰিয় ক্ৰিকেটাৰ জনক এবাৰ ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামলৈ আহিল দৰ্শক । প্ৰায় ৩০ হাজাৰ দৰ্শকে উপভোগ কৰিলে ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচ । মেচখনত দুয়োটা দলে দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ'ল এচিএ ষ্টেডিয়াম ।

প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰে ৪০৫ ৰাণ । ক্ৰিকেট বিশ্বক চমকিত কৰি ৱেষ্ট ইণ্ডিজৰ তিনিগৰাকী বেটাৰে বৰ্ষাপাৰাৰ মাটিত খেলিলে শতকীয় ইনিংছ । ৱেষ্ট ইণ্ডিজৰ দুৰ্ধৰ্ষ বেটাৰ জন কেমবেলে ৬৮ টা বলত কোবালে ১০২ ৰাণ ।সেইদৰে ,ৱেষ্ট ইণ্ডিজৰ অধিনায়ক তথা উইকেট ৰক্ষক ছাই হ'পৰ বেটৰ পৰা ৯৪ টা বলত বৰষিল ১০৪ ৰাণ । আনহাতে, ৭৭ টা বলত ১১৪ ৰাণৰ আন এক বিষ্ফোৰক ইনিংছ খেলিলে আমিৰ জাংগুৱে। এই তিনি খেলুৱৈৰ বেটিং তাণ্ডৱৰ সহায়েৰে ৱেষ্ট ইণ্ডিজে ভাৰতৰ সন্মুখত ৪০৫ ৰাণৰ বিশাল স্কৰ বান্ধি দিয়ে ।

প্ৰত্যুত্তৰত, শুভমন গীলৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দলেও বৰ্ষাপাৰাৰ উইকেটত চলালে বেটিং তাণ্ডৱ । ৰোহিত-শুভমনৰ বিষ্ফোৰক বেটিঙত দিগবিদিগ হেৰুৱালে ৱেষ্ট ইণ্ডিজৰ বলাৰে ।ফলত, ৪৩.৩ অভাৰত অথাৎ ৩৯ টা বল বাকী থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হয় মেন ইন ব্লু-এ । বৰ্ষাপাৰাত কোহলিৰ বেটিঙে নিৰাশ কৰিলেও হিটমেন ৰোহিত শৰ্মাৰ শতকৰ লগতে অধিনায়কশুভমনৰ বিষ্ফোৰক দ্বি-শতকীয় ইংনিছে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীক কৰিল তুলিলে উৎফুল্লিত আৰু ৰোমাঞ্চিত। ৭৫ টা বলৰ বিপৰীতে ৰোহিত শৰ্মাৰ বেটৰ পৰা বৰষিল ১০১ ৰাণ । ৰোহিত শৰ্মাৰ ইনিংছত আছে ১০ টা চাৰি আৰু ৬ টা চিক্সাৰৰ সমাহাৰ ।

ইফালে,ক্ৰিকেট বিশ্বক চমকিত কৰি অধিনায়ক শুভমন গিলে খেলিলে অপৰাজিত দ্বি-শতকীয় ইনিংছ । ১৩৩ টা বলত ২২৩ ৰাণ কোবালে ভাৰতীয় অপেনাৰ শুভমনে। ১৯ টা বলত ২৯ ৰাণ স্কৰ কৰি প্ৰেভিলিয়নমুখী হয় বিৰাট কোহলি । আনহাতে ৰুতুৰাজ গায়কোৱাড়ে দললৈ ৩৭ টা বলত ৩১ ৰাণৰ অৱদান আগবঢ়ায় ।

উল্লেখ্য যে ,যোৱা ৩০ ছেপ্তেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ৰচনা হ'ল কেইবাটাও অভিলেখ । সেই অনুসৰি, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰথমবাৰলৈ ৪০৬ ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়াৰ অভিলেখ গঢ়িলে ৱেষ্ট ইণ্ডিজে । এদিনীয়াত বৃহৎ লক্ষ্য অতিক্ৰম কৰি দল জয়ী হোৱাৰো অভিলেখো ৰচনা কৰিলে ভাৰতীয় ক্ৰিকেট দলে । ১২০০০ ৰাণ সম্পূৰ্ণ কৰা তৃতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৰূপে পৰিগণিত হ'ল হিটমেন ৰোহিত শৰ্মা ।এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ১২,০০০ ৰাণ স্কৰ কৰা দ্বিতীয় গৰাকী দ্ৰুততম বেটাৰৰ অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই । ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আৰু কিং কোহলিৰ পাছত এই অভিলেখ সৃষ্টি কৰিলে ৰোহিতে । বিৰাট কোহলীয়ে ২৪২ টা ,শচীন তেণ্ডলকাৰে ৩০০ টা ইনিংছত ১২ হাজাৰ ৰাণ সম্পূৰ্ণ কৰাৰ বিপৰীতে ২৮২ টা ইনিংছত এই লক্ষ্যত উপনীত হয় ৰোহিত শৰ্মা ।একেখন মেচত মুঠ ৫ গৰাকী বেটাৰে শতকীয় ইনিংছ খেলাৰ অভিলেখ ৰচনা কৰিলে । ৰোহিত-শুভমনৰ অপেনিং যুটিয়ে দ্বিতীয় সৰ্বাধিক স্ক'ৰৰ অভিলেখ ৰচিলে ।পূৰ্বে ২০০১ চনত শচীন-গাংগুলীৰ অপেনিং যুটিয়ে স্ক'ৰ কৰিছিল ২৫৮ ৰাণ ।বৰ্ষাপাৰাত শুভমন গিলে ১১৭ টা বলত সংগ্ৰহ কৰৰে ২০০ ৰাণ । দ্ৰুততম দ্বি-শতক কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ ৰূপে ইতিহাস ৰচিলে শুভমন গিলে । পূৰ্বে ঈশান কিষাণে ১২৬ টা বলত সংগ্ৰহ কৰিছিল ২০০ ৰাণ ।

বিচিচিআইৰ তত্বাবধানত অসম ক্ৰিকেট সন্থাই সৰ্বাংগসুন্দৰভাৱে আয়োজন কৰিলে ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচ । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীয়ে অসম ক্ৰিকেট সন্থাক কৰিছে উচ্চ প্ৰসংসা।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *