“এছিয়ান গেমছ”ত লাভলীনাৰ সোণজয়ৰ কথাৰে………

October 3, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

জাপানৰ মাটিত অসমকন্যাৰ ইতিহাস ৰচনা । চীনা বক্সাৰক ধৰাশায়ী কৰি ভাৰতক উপহাৰ দিলে স্বৰ্ণ । অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সাফল্যৰ ৬০ বছৰৰ পাছত অসমকন্যাৰ দ্বিতীয়টো অভিলেখ। স্বৰ্ণজয়ৰ পাছত সতীৰ্থৰ সৈতে জন্মদিনৰ কেক কাটিলে ৰিঙৰ ৰাণীয়ে ।

২ অক্টোবৰত ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই-এ নিজৰ ওপজাদিনতে ভাৰতমাতৃক দিলে অনন্য এক উপহাৰ । জাপানৰ আইচি-নাগোয়াত অব্যাহত "২০ সংখ্যক এছিয়ান গেমছ"ৰ মহিলা বক্সিঙত স্বৰ্ণ দখলেৰে উজলিল অসমকন্যা লাভলীনা বৰগোঁহাই। মহিলাৰ ৭৫ কেজি শাখাত চীনৰ বাও জিয়িক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি তাৰকা বক্সাৰ লাভলীনাই অসম তথা দেশক কৰিলে গৌৰৱান্বিত
। জাপানৰ মাটিত পডিয়ামত উঠি পদক গ্ৰহণ কৰাৰ মুহুৰ্তত কিছু আবেগিক দেখা গ'ল তাৰকা বক্সাৰ লাভলীনাক । বঁটা প্ৰদান অনুষ্ঠানত দেশৰ পতাকা ওপৰলৈ উঠাৰ লগে লগে বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত । এয়া ভাৰতৰ বাবে এক গৌৰৱৰ ক্ষণ । "আনন্দৰ চকুলো"-"প্ৰাপ্তিৰ চকুলো" বোৱাৰ সময় ।

ইফালে,"এছিয়ান গেমছ"ৰ মহিলা বক্সিঙত সোণজিনা ভাৰতৰ দ্বিতীয়গৰাকী বক্সাৰ ৰূপে অভিলেখ ৰচনা কৰিলে অসমৰ লাভলীনাই । ইয়াৰ পূৰ্বে ২০১৪ চনৰ "এছিয়ান গেমছ"ত সোণজয় কৰি অভিলেখ সৃষ্টি কৰিছিল উত্তৰ-পূবাঞ্চলৰ জীয়াৰী কিংবদন্তি বক্সাৰ মেৰি কমে । ১২ বছৰৰ অপেক্ষাৰ অন্তত সেই অভিলেখ স্পৰ্শ কৰিলে বীৰংগনা বক্সাৰ লাভলীনা বৰগোঁহাই-এ ।

আনহাতে,"এছিয়ান গেমছ"ৰ সোণৰ পদক পিন্ধি ২৯ সংখ্যক স্বৰ্ণিল জন্মদিন উদযাপন কৰিলে লাভলীনাই । সতীৰ্থ , ফেডাৰেছনৰ বিষয়-ববীয়াৰ উপস্থিতিত ৰিঙৰ ৰাণী লাভলীনাই জাপানতে কাটিলে ওপজাদিনৰ কেক ।

যোৱা ২০২২ ৰ হাংঝু "এছিয়ান গেমছ"ত ৰূপৰ পদক লাভ কৰিছিল বজ্ৰকন্যা লাভলীনাই । এইবাৰ পদকৰ ৰং সলনি হোৱাত উৎফুল্লিত হোৱাৰ লগতে লাভলীনাক শুভেচ্ছা জনালে অসম এমেছাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতা । "এছিয়ান গেমছ-২০২৬" ত পদক জয়ৰ সুবাদত ২০২৭ ৰ "ৱ'ল্ড চেম্পিয়নশ্বিপ"ত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমকন্যা লাভলীনাই । ২০২৮ ৰ "লছ এঞ্জেলছ " অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক টুৰ্ণামেন্ট হিচাপে কাজাখস্তানৰ "ৱ'ল্ড চেম্পিয়নশ্বিপ"ত লাভলীনাই পেলাব প্ৰথমটো খোজ ।

"লাভলীনাই আজি প্ৰমাণ কৰি দেখুৱালে ভাৰতীয় বক্সিঙৰ শক্তি, জন্মদিনত লাভলীনাই দেশবাসীক দিলে অমূল্য উপহাৰ"- এই মন্তব্য সমৰকলা ক্ষেত্রত লাভলীনাৰ প্ৰথম প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ।

উল্লেখ্য যে, ১৯৬৬ চনত বেংকক "এছিয়ান গেমছ"ৰ ৮০০ মিটাৰ দৌৰত পোন প্ৰথমবাৰৰ বাবে অসমক স্বৰ্ণ পদকৰ সোৱাদ দিছিল কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই । ৬০ বছৰৰ অপেক্ষাৰ অন্ত পেলাই "এছিয়ান গেমছ"ৰ ব্যক্তিগত ইভেন্টত অসমে অৰ্জন কৰিলে দ্বিতীয়টো স্বৰ্ণপদক।

লাভলীনাৰ সাফল্যত আনন্দিত ভাৰতৰ প্ৰতিগৰাকী নাগৰিক । জন্মদিনৰ ওলগ জনোৱাৰ লগতে সকলোৱে লাভলীনাৰ এই বৃহৎ সাফল্যৰ বাবে জ্ঞাপন কৰিছে অভিনন্দন । গ'গ স্পৰ্টছ এন ইৰ তৰফৰ পৰাও গ'ল্ডেন গাৰ্ল লাভলীনাক যাচিলো অশেষ শুভকামনা ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *