গোলাঘাটত “২৩ সংখ্যক য়ুথ,৩০ সংখ্যক ছিনিয়ৰ সদৌ অসম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ ২০২৬-২৭”

October 6, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গোলাঘাটত "২৩ সংখ্যক য়ুথ,৩০ সংখ্যক ছিনিয়ৰ সদৌ অসম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ ২০২৬-২৭। ৪৫০ গৰাকী খেলুৱৈৰ লগতে অফিচিয়েলৰ অংশগ্ৰহণ ।
অসম উশ্বু সন্থাৰ উদ্যোগ ।

যোৱা ২৬ আৰু ২৭ ছেপ্তেম্বৰত গোলাঘাট অপেন এয়াৰ অডিটৰিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হয় "২৩ সংখ্যক য়ুথ আৰু ৩০ সংখ্যক ছিনিয়ৰ সদৌ অসম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ ২০২৬-২৭"। অসম উশ্বু সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰাজ্যিক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ২৮ খন জিলাৰ উপৰি অসম পুলিছ আৰু নৰ্থ ইষ্ট ফন্টিয়াৰ ৰেলৱে স্পৰ্টছ এছচিয়েচনে । ক্ৰীড়াঙ্গনত সমাবেশ ঘটিল ৪৫০ গৰাকী খেলুৱৈৰ লগতে অফিচিয়েলৰ ।

য়থৰ চান্দাত ৩ সোণ ,১ ৰূপ আৰু ১ টা ব্ৰঞ্জ পদকেৰে প্ৰথম স্থান অধিকাৰ কৰে ডিব্ৰুগড় জিলাই । সেইদৰে, ৩ টা সোণ,১ টা ৰূপৰ পদকেৰে দ্বিতীয়ত জিলিকিল শিৱসাগৰ । তদুপৰি, ২ সোণ দখলেৰে য়ুথৰ চান্দাৰ তৃতীয়ত থাকিল ধেমাজি ।

আনহাতে,য়ুথৰ টাওলুত ১০ টা সোণ,৪ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰে শীৰ্ষত জিলিকিল বিশ্বনাথ ।সেইদৰে, ৬ টা সোণ অৰ্জনেৰে দ্বিতীয় স্থান অধিকাৰ কৰে কামৰূপ মেট্ৰ-এ ।আনহাতে ,৪ টা সোণ,৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জ লাভেৰে তৃতীয় স্থানত থাকিল ডিব্ৰুগড় ।

ইফালে,ছিনিয়ৰ চান্দাত ৪ টা সোণ,২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ অৰ্জনেৰে শীৰ্ষত জিলিকিল শিৱসাগৰ । সেইদৰে,৩ টা সোণ, ২ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জ লাভেৰে দ্বিতীয় স্থান অধিকাৰ কৰে অসম পুলিছে ।তদুপৰি, ৩ টা সোণ,২ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জ পদকেৰে গোলাঘাটে অধিকাৰ কৰে তৃতীয় স্থান ।

ছিনিয়ৰ টাওলুত ১২ টা সোণ,১২ টা ৰূপ আৰু ২ টা ব্ৰঞ্জ পদকেৰে প্ৰথম স্থান অধিকাৰ কৰে বিশ্বনাথে । সেইদৰে,৮ টা সোণ,৪ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জ পদকেৰে কোকৰাঝাৰে অৰ্জনে দ্বিতীয় স্থান । তদুপৰি, ৭ টা সোণ,১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ পদকেৰে কামৰূপ মেট্ৰ থাকিল তৃতীয় স্থানত ।

উল্লেখ্য যে, এই প্ৰতিযোগিতাত উপস্থিত থাকিল অসম উশ্বু সন্থাৰ উপ-সভাপতি ৰাকসেন মাৰাক,সম্পাদক ৰঞ্জিৎ বড়ো,গোলাঘাট উশ্বু সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি উশ্বু ক্ষেত্রত দুৰ্দান্ত হৈ উঠক য়ুথ আৰু ছিনিয়ৰ শাখাৰ প্ৰতিভাধৰ খেলুৱৈ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *