গুৱাহাটীত মোহন বাগানৰ বিৰুদ্ধে আই এছ এলৰ মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ জিতিনৰ চমক

October 13, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত "আই এছ এল"ত জয়েৰে অভিযান আৰম্ভ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ । গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত পৰাভূত মোহন বাগান । জিতিনৰ দৰ্শনীয় গ'লেৰে ঘৰুৱা মাটিত ৩ পইন্ট অৰ্জন ।

২০২৬ -২৭ "আই এছ এল" চিজনত জয়েৰে অভিযান আৰম্ভ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ । আলহী দল মোহন বাগান চুপাৰ জায়েন্টক ১-০ গ'লত পৰাস্ত কৰি সম্পূৰ্ণ ৩ পইন্ট অৰ্জন কৰিলে জুৱান পেড্ৰ বেনালীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ । সোমবাৰে সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল চলিত "আই এছ এল"ৰ এখন ৰোমাঞ্চকৰ ফুটবল মেচ । আলহী দল মোহন বাগান চুপাৰ জায়েন্ট বনাম ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মেচ চাবলৈ ষ্টেডিয়ামলৈ আহিল হাজাৰ হাজাৰ ফুটবল অনুৰাগী । মেচৰ পূৰ্বে একাংশ অনুৰাগীয় আশা কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ গ'ল স্কৰ কৰিব মৰক্কোৰ দুৰ্ধৰ্ষ ফুটবলাৰ আলাদিন আজাৰাই-এ । একাংশ অনুৰাগীৰ আকৌ আশা অসমসন্তান পাৰ্থিৱ সুন্দৰ গগৈ,জিতিন এম এছৰ দৰে ফুটবলাৰক লৈ ।

ইফালে,হাতত বৃহৎ আকাৰৰ পোষ্টাৰ লৈ মোহন বাগানক সমৰ্থন কৰিবলৈ কলকাতা ইষ্ট বেংগলৰ পৰা গুৱাহাটীলৈ আহিল সমৰ্থক । মোহন বগান দলৰ সমৰ্থনত অনুৰাগীয়ে দিলে শ্লোগান । তেওঁলোকৰ আশা গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক পৰাভূত কৰি সম্পূৰ্ণ ৩ পইন্ট লাভ কৰিব মোহন বাগানে ।

কিন্তু ,খেলপথাৰত মোহন বাগানৰ অনুৰাগীসকলৰ আশাত চেঁচাপানী পৰিল । আশা সজীৱ হৈ থাকিল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ অনুৰাগীৰ । প্ৰায় ৯০০০ দৰ্শকে ষ্টেডিয়ামত বহি উপভোগ কৰা মেচখনৰ প্ৰথমাৰ্ধত কোনো এটা দলে গ'ল স্কৰ কৰাত বিফল হয় । অপ্ৰাণ চেষ্টা কৰিও মেচৰ অন্তিম মহুৰ্তলৈকে কোনো এটা দলে শ্বটসমূহ গ'ললৈ ৰূপান্তৰ কৰিব পৰা নাছিল । ফলত,সকলোৱে আশা কৰিছিল -এই মেচখন গ'লশূণ্যভাৱে অন্ত পৰি দুয়োটা দলে ভগাই ল'ব ১ পইন্টকৈ । কিন্তু সকলোকে আচৰিত কৰি ৯২ মিনিটত মেচৰ পট পৰিবৰ্তন কৰিলে নৰ্থ ইষ্ট ইউনাইটেডৰ তাৰকা খেলুৱৈ জিতিন এম. এছ. এ । মোহনবাগানৰ সকলো ৰক্ষণবিভাগৰ প্ৰত্যাহ্বান নেওচি এটা দৰ্শনীয় গ'লেৰে চিজনৰ প্ৰথম মেচতে ১-০ ব্যৱধানত দলক জয় উপহাৰ দিলে নৰ্থ ইষ্টৰ খেলুৱৈ জিতিনে ।ইয়াৰ পাছত মেচত সমতা স্থাপন কৰিবলৈ সময় নাপালে মোহন বাগানে । সুন্দৰ ৰণকৌশলৰ ফলশ্ৰুতিত ঘৰুৱা খেলপথাৰত ৩ পইন্ট লাভ কৰিলে জুৱান পেড্ৰ বেনালীৰ দলটোৱে । বিপৰীতে, চিজনৰ প্ৰথম মেচতে নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত হৈ বিষাদ মনেৰে ঘৰমুৱা হ'ল মোহন বাগান চুপাৰ জায়েন্টৰ তাৰকা খেলুৱৈ ।

উল্লেখ্য যে, অহা ১৮ অক্টোবৰত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে নিজা দ্বিতীয়খন মেচত অৱৰ্তীণ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি । উত্তৰ-পূবাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা- ঘৰুৱা মাটিত, ঘৰুৱা লোকৰ সমৰ্থনত কেৰালা ব্লাষ্টাৰ্ছক পৰাভূত কৰি পুনৰ ৩ পইন্ট লাভ কৰক নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *