গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অহা ১৭ ৰ পৰা ২০ অক্টোবৰলৈ তামিলনাডুৰ কইম্বাটুৰত অনুষ্ঠিত হ'ব "১৮ সংখ্যক জুনিয়ৰ নেচনেল ৰোলবল চেম্পিয়নশ্বিপ" । এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ল'ৰা-ছোৱালী উভয় শাখাৰ বাবে ৰাজ্যিক দল ঘোষণা কৰিছে অসম ৰোলবল সন্থাই ।
অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া ছোৱালী দলৰ খেলুৱৈ সকল হ'ল ক্ৰমে- চিমৰাণ চাক্সেনা(অধিনায়ক), কৃষ্টি চহৰীয়া,নম্ৰতা কৈৰী,তাছি ৰুংতা,জ্যোতিষ্কা ভঁৰালী,সুমেধা দেৱ (গ'ল ৰক্ষক) , চিয়া সোনথালিয়া,তপিকা আগৰৱাল,মিছকা সিংহাল,শ্ৰীণিকা মজুমদাৰ,অৱন্তিকা বাছাৰ আৰু হৃদিকা শৰ্মা ।
ল'ৰা শাখাত অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকল হ'ল ক্ৰমে- শুভ্ৰজিত বৰুৱা(অধিনায়ক), অন্তৰীক্ষ গুঞ্জন বৰগোঁহাই ,জৈষ্ণৱ শৰ্মা,শ্ৰেয়াংশ য়াদৱ,ডানিছ খদ্ৰিয়া,চিন্ময় গগৈ,প্ৰজ্ঞান ৰাভা,দেবাং পল, উদ্দীপ মোহন,পিয়ুষ সাহা(গ'ল ৰক্ষক), বৰ্ণিল দাস আৰু স্বপ্নীল তালুকদাৰ ।
অসম দলৰ প্ৰশিক্ষক আলিছা ফাৰহিন আৰু স্বপন পল । মেনেজাৰৰ দায়িত্ব পালন কৰিব জয়দ্বীপ ডেকাই ।


0 Comments