আজিৰ পৰা “৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট”

October 26, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

২৭ অক্টোবৰৰ পৰা ঐতিহ্যমণ্ডিত "৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল" ।২৯ খন জিলাৰ ২৩২ টা ক্লাবৰ অংশগ্ৰহণ।
অহা ২৯ নৱেম্বৰত জ'জ খেলপথাৰত ফাইনেলৰ মহাৰণ ।অসম ক্ৰিকেট সন্থাই "বৰদলৈ ট্ৰফী" আয়োজনত কৰিব সহযোগিতা।

বহু প্ৰতিক্ষাৰ অন্ত পৰিল। মংগলবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব ঐতিহ্যমণ্ডিত "৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট" ।
নতুন চিন্তা চৰ্চাৰে গৰিমামণ্ডিত "বৰদলৈ ট্ৰফী" আয়োজনৰ বাবে সাজু হৈছে গুৱাহাটী ক্ৰীড়া সন্থা। এইবাৰৰ প্ৰতিযোগিতাখনত ৰাজ্যৰ ২৯ খন জিলাৰ দলসমূহে অংশগ্ৰহণ কৰিব। দেওবাৰে আয়োজিত এক সংবাদমেলত "৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল" ৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াই। সেই অনুসৰি,তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ২৩২ টা ক্লাবৰ মুঠ ৬,৯৬০ গৰাকী খেলুৱৈ-এ ক্ৰীড়াঙ্গনত দাঙি ধৰিব দুভৰিৰ যাদু । সমগ্ৰ প্ৰতিযোগিতাখন ৩০ খন খেলপথাৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
সংবাদমেলত এই সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ চি. ই .অ. মুনিন নবিছে।

প্ৰতিযোগিতাখন তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে ।প্ৰথম ৰাউণ্ডত জিলা পৰ্যায়,দ্বিতীয় ৰাউণ্ডত ক্লাষ্টাৰ পৰ্যায় আৰু তৃতীয় ৰাউণ্ডত আছে "ফাইনেল ৰাউণ্ড "। প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায় "জিলা পৰ্যায়"ত অনুষ্ঠিত হ'ব মুঠ ৪৩৫ খন মেচ। "জিলা পৰ্যায়" ২৭ অক্টোবৰত আৰম্ভ হৈ অন্ত পৰিব অহা ৫ নৱেম্বৰত। ১১ ৰ পৰা ১৫ নৱেম্বৰলৈ ৰাজ্যজুৰি আৰম্ভ হ'ব "ক্লাষ্টাৰ পৰ্যায়"। দ্বিতীয় ৰাউণ্ডৰ "ক্লাষ্টাৰ পৰ্যায়"ত অনুষ্ঠিত হ'ব ৫৪ ৰ পৰা ৬০ খন মেচ। আনহাতে, অহা ২০ ৰ পৰা ২৯ নৱেম্বৰলৈকে গুৱাহাটীৰ জ'জ খেলপথাৰত অনুষ্ঠিত "ফাইনেল ৰাউণ্ড"ৰ মেচ। "ফাইনেল ৰাউণ্ড"ত জ'জ খেলপথাৰত অনুষ্ঠিত হ'ব মুঠ ১৫ খন মেচ।

ইফালে অহা ২৯ নৱেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ চূড়ান্ত মেচ ।প্ৰতিযোগিতাৰ চেম্পিয়ন দলে ১০ লাখ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰাৰ্ণাছ আপ দলে লাভ কৰিব ৫ লাখৰ প্ৰাইজমাণি। তদুপৰি ছেমিফাইনেলত প্ৰৱেশ কৰা দলসমূহক প্ৰদান কৰা হ'ব ২ লাখ ৫০ হাজাৰকৈ প্ৰাইজমানি।

উল্লেখ্য যে, "৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা" আয়োজনৰ ক্ষেত্রত গুৱাহাটী ক্ৰীড়া সন্থাক সহযোগিতা আগবঢ়াব অসম ক্ৰিকেট সন্থাই।এই কথা সংবাদমেলত অৱগত কৰে অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ অনুপম ডেকাই ।ক্ৰীড়া অনুৰাগীৰ আশা-সাফল্যমণ্ডিত হওঁক "৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট"। গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত তথা অসম ক্ৰিকেট সন্থাৰ সহযোগিতাত "বৰদলৈ ট্ৰফী"লৈ উভতি আহক পূৰ্বৰ গৰিমা।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *