গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীত "তৃতীয় এছ এফ ইন্টাৰনেচনেল ফিডে ৰেপিড ৰেটিং দবা প্ৰতিযোগিতা-২০২৬"। দেশৰ বিভিন্ন প্ৰান্তৰ ২৩৩ গৰাকী দবাৰুৰ অংশগ্ৰহণ
। প্ৰতিযোগিতাত চেম্পিয়ন কাছাৰৰ অভ্ৰজ্যোতি নাথ ।
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত সোমবাৰে এদিনায়াকৈ অনুষ্ঠিত হয়
"তৃতীয় এছ এফ ইন্টাৰনেচনেল ফিডে ৰেপিড ৰেটিং দবা প্ৰতিযোগিতা-২০২৬"।শতৰঞ্জ ফাউণ্ডেচনৰ সহযোগত তথা উইনিং ম'ভ একাডেমী-এ আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৩৩ গৰাকী দবাৰু-এ । অসমৰ উপৰি ক্ৰীড়াঙ্গনত সমাবেশ ঘটিল বিহাৰ,দিল্লী,ৱেষ্ট বেংগল আদি ৰাজ্যৰ দবাৰু । ৩ লাখ প্ৰাইজমানি সম্বলিত প্ৰতিযোগিতাত অসমৰ পৰা অংশগ্ৰহণ কৰিলে মুঠ ১৮০ গৰাকী দবাৰু-এ । দিল্লী-মুম্বাই নোযোৱাকৈ অসমৰ মাটিতে অসমৰ দবা খেলুৱৈ সকলে "ফিডে ৰেটিং" লাভ কৰাৰ উপৰি যাতে ৰেটিং উন্নীতকৰণ কৰিব পাৰে,সেই উদ্দেশ্য আগত ৰাখি বিগত কেইবাবছৰ ধৰি এই আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেন্ট অনুষ্ঠিত কৰি আহিছে আয়োজকে । ইফালে ,প্ৰতিযোগিতাখনত কাছাৰৰ অভ্ৰজ্যোতি নাথ চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয় সুপ্ৰতিম বৰুৱা,তৃতীয় তন্ময় ৰীজবংশী আৰু চতুৰ্থত জিলিকিল ৰাজদ্বীপ দাস ।

বিভিন্ন শাখাৰ বিজয়ী প্ৰতিযোগীসকলক ট্ৰফী ,মেডেল প্ৰদান কৰিলে সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি-এ । আয়োজকৰ হৈ আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে ৰবিকান্ত তিৱাৰী-এ ।
আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত খিতাপ দখল কৰি আনন্দিত কাছাৰৰ অভ্ৰজ্যোতি নাথ । ২০১৭ চনৰ পৰা দবা খেলিবলৈ আৰম্ভ কৰা অভ্ৰজ্যোতিয়ে প্ৰতিযোগিতাখন সুন্দৰকৈ অনুষ্ঠিত কৰাৰ বাবে আয়োজক "শতৰঞ্জ ফাউণ্ডেচন" তথা উইনিং মু'ভ একাডেমীৰ লগতে ৰবিকান্ত তিৱাৰীক জনালে ধন্যবাদ ।

ক্ৰীড়া অনুৰাগীৰ আশা- এনে টুৰ্ণামেন্টৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওঁক অসমৰ দবাৰু । শতৰঞ্জ ফাউণ্ডেছন আৰু উইনিং মু'ভ একাডেমীৰ পদক্ষেপ হওক সূদূৰপ্ৰসাৰী ।


0 Comments