ৰাজ্যিক দবাত তন্ময় ৰাজবংশীৰ দ্বি-মুকুট অৰ্জন

October 28, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ২১ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় " ৪৯ সংখ্যক সদৌ অসম আন্তঃজিলা মুকলি ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬" । সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে অভিলেখ সংখ্যক ৩৪৬ গৰাকী দবাৰু-এ। "৪৯ সংখ্যক সদৌ অসম আন্তঃজিলা মুকলি ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬ "ৰ খিতাপ দখল কৰে তন্ময় ৰাজবংশী-এ। সেইদৰে ৰাজ্যিক প্ৰতিযোগিতাখনত অভ্ৰজ্যোতি নাথ দ্বিতীয়,ইফটিকাৰ আলম মজুমদাৰ তৃতীয় আৰু চতুৰ্থ স্থানত জিলিকিল ধ্ৰুৱ ফুকণ। এই প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰা ৪ গৰাকী খেলুৱৈ আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে লাভ কৰিলে বাছনি।

এই প্ৰতিযোগিতাৰ উপৰি একে স্থানতে যোৱা ২৫ অক্টোবৰত অনুষ্ঠিত হ'ল "সদৌ অসম আন্তঃজিলা মুকলি ব্লিটজ ফিডে ৰেটিং টুৰ্ণামেন্ট"। ব্লিটজতো তন্ময় ৰাজবংশী-এ আজুৰি আনিলে চেম্পিয়নৰ মুকুট। সেইদৰে "ব্লিটজ" প্ৰতিযোগিতাখনত ধ্ৰুৱ ফুকণ দ্বিতীয় ,অভ্ৰজ্যোতি নাথ তৃতীয় আৰু চতুৰ্থ স্থানত জিলিকিল ভাৰ্গৱ দেৱনাথ। "ব্লিটজ"ত শীৰ্ষ স্থান লাভ কৰা চাৰি গৰাক খেলুৱৈ-এ বাছনি লাভ কৰিছে সমাগত ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে।

সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক নন্দন বুঢ়াগোঁহাই-এ আঁতধৰা প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল সন্থাৰ সভাপতি মুকুতা ডেকাৰ উপৰি সন্থাৰ কেইবাজনো বিশিষ্ট ব্যক্তি। "ক্লাচিকেল" আৰু "ব্লিটজ"ত সুন্দৰ প্ৰদৰ্শন কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে সভাপতি গৰাকী-এ।

ইফালে, "ক্লাচিকেল" আৰু "ব্লিটজ"-দুয়োখন প্ৰতিযোগিতাতে খিতাপ দখল কৰি আনন্দিত তন্ময় ৰাজবংশী।
গ'গ স্পৰ্টছ এন ই-ৰ সৈতে হোৱা কথা-বাৰ্তাত তন্ময়ে ক'লে- "সদৌ অসম প্ৰতিযোগিতা"ত চেম্পিয়ন হ'বলৈ বহু চেষ্টা কৰিছিলো
। এইবাৰ চেম্পিয়ন হ'লো ভাল লাগিল"।

ক্ৰীড়া অনুৰাগীৰ আশা - এনে টুৰ্ণামেন্টৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওক অসমৰ উদিত দবাৰু ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *