গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
শুক্ৰবাৰে গুৱাহাটীত "আই এছ এল"ৰ হাইভল্টেজ মেচ। সমুখ সমৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বেংগালুৰু এফ চি।
ঘৰুৱা খেলপথাৰত সম্পূৰ্ণ ৩ পইন্ট অৰ্জনৰ লক্ষ্য ।
শুক্ৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ২০২৬-২৭ "আই এছ এল" চিজনৰ এখন হাইভল্টেজ মেচ। সন্ধিয়া ৭.৩০ বজাৰ লগে লগে খেলপথাৰত নামিব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আলহী দল বেংগালুৰু এফ চি। নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ ইতিমধ্যে প্ৰথম তিনিখন মেচৰ পৰা মুঠ ৭ পইন্ট সংগ্ৰহেৰে লীগ টেবুলৰ শীৰ্ষত অৱস্থান কৰিছে ।মোহন বাগান ছুপাৰ জায়েন্ট আৰু কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে জয়লাভৰ পাছত উৰিষ্যা এফ চিৰ বিৰুদ্ধে গ'লশূণ্য ড্ৰ'-এ নৰ্থ ইষ্ট ইউনাইটেড এফ চিক এক শক্তিশালী স্থিতিত উপনীত কৰাইছে ।
ইফালে ,বেংগালুৰু এফ চি-এ দুখন মেচত অপৰাজিত হৈ চলিত ছিজনত সুন্দৰ আৰম্ভণি কৰিছে । "চেন্নাইয়েন এফ চি" ৰ বিৰুদ্ধে ২-০ গ'লত জয়লাভ কৰাৰ পূৰ্বে "স্পৰ্টিং ক্লাব দিল্লী"ক ৩-২ গ'লত পৰাস্ত কৰি দুখন মেচত ৬ পইন্ট অৰ্জন কৰিছে বেংগালুৰু এফ চি-এ ।
ইফালে,বৃহস্পতিবাৰে মেচৰ পূৰ্বে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ সম্বোধন কৰিলে এক সংবাদমেল। দলৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ বেনালী-এ সংবাদমেলত কয় এনেদেৰে- "বেংগালুৰু কৌশলগতভাৱে শক্তিশালী আৰু ইয়াত কিছুমান ভাল খেলুৱৈ আছে । তেওঁলোকৰ এগৰাকী ভাল প্ৰশিক্ষকো আছে। এই মেচ সহজ নহ'ব"।
চলিত ছিজনত গ'লকীপাৰ হিচাপে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে নৰ্থ ইষ্ট ইউনাইটেডৰ তাৰকা খেলুৱৈ গুৰমিত সিঙে।
মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ দুৰ্দান্ত গ'লৰক্ষক গুৰমিতে কয় এনেদেৰ- " তেওঁলোক অৱশ্যে ভাল দল। কিন্তু আমিও নিজৰ ওপৰত বিশ্বাসী। প্ৰশিক্ষকে কোৱাৰ দৰে অনুৰাগীৰ বাবে ই এখন ভাল খেল হ'ব। আৰু মই ভাবো আমি প্ৰত্যাহ্বানৰ বাবে সাজু।"
উল্লেখ্য যে, "আই এছ এলৰ ইতিহাস"ত এতিয়ালৈকে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বেংগালুৰু এফ চি-এ মুঠ ১৯ বাৰ মুখামুখি হৈছে।
ইয়াৰে ৯ বাৰ বেংগালুৰু এফ চি-এ জয়লাভ কৰাৰ বিপৰীতে ২ বাৰ জয়ী হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ।তদুপৰি দুয়োটা দলে ৮ খন মেচ খেলিছে ড্ৰ'। অৱশ্যে এইবাৰ জুৱান পেড্ৰ বেনালীৰ প্ৰশিক্ষণেৰে পুষ্ট ঘৰুৱা দলটোৱে ঘৰুৱা খেলপথাৰত আলহী দলটোক ৰোধিবলৈ সাজু হৈছে।
ক্ৰীড়া অনুৰাগীৰ আশা- শুক্ৰবাৰে বেংগালুৰু এফ চিক পৰাস্ত কৰি সম্পূৰ্ণ ৩ পইন্ট অৰ্জন কৰি তালিকাৰ শীৰ্ষত অধিষ্ঠিত হৈ থাকক নৰ্থ ইষ্ট ইউনাইটেড এফ চি।শুক্ৰবাৰে সন্ধিয়া ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত বহি এখন হাইভল্টেজ "আই এছ এল"ৰ মেচ চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে হাজাৰ হাজাৰ ফুটবল প্ৰেমী।


0 Comments