গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"য়ুথ অলিম্পিক গেমছ"ত ব্ৰঞ্জজিনি স্ব-ভূমিত তীৰ্থাংক পেগু। গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি। তীৰ্থাংকৰ পৰৱৰ্তী লক্ষ্য- "২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিক" ।

ছেনেগালৰ ডাকাৰ "যুৱ অলিম্পিক গেমছ"ত পদকলাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ সন্তৰণবিদ তীৰ্থাংক পেগু বুধবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে জনোৱা হয় উষ্ম আদৰণি ।সন্ধিয়া প্ৰায় ৬.৩০ বজাত অসমভূমিত পদাৰ্পন কৰাৰ লগে লগে অসম চৰকাৰ ক্ৰীড়া বিভাগৰ বিষয়া, অসম সাঁতোৰ সংস্থাৰ বিষয় ববীয়া, প্ৰশিক্ষক,বিভিন্ন দল সংগঠন তথা শুভাকাংশী-এ গামোচা,ফুলৰ থোপা,জাপিৰে খেলুৱৈগৰাকীক জন্মভূমিলৈ জনালে স্বাগতম । বিহু ,মিচিং জনজাতীয় সাংস্কৃতিক দল ৰ অনুষ্ঠানত জীপাল হৈ পৰিল গুৱাহাটী বিমানবন্দৰৰ প্ৰাংগন। এনে ৰাজকীয় আদৰণি লাভ কৰি অভিভূত হৈ পৰিল ১৭ বছৰীয়া সাঁতোৰবিদ তীৰ্থাংক পেগু।
সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তীৰ্থাংকই ধন্যবাদ আৰু কৃতজ্ঞতা জনালে প্ৰশিক্ষক,মাতৃ , পৰিয়াল,আই আই এছ ,অসম সাঁতোৰ সংস্থাৰ লগতে সকলো শুভকাংশীক। "য়ুথ অলিম্পিক গেমছ"ৰ সপোন পূৰণ হোৱাৰ পাছত তীৰ্থাংকৰ পৰৱৰ্তী সপোন-"২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিক"।

পুত্রক আদৰিবলৈ যোৰহাটৰ পৰা গুৱাহাটী পালেহি মাতৃ প্ৰতিমা পেগু । প্ৰয়াত পিতৃ কুনাল পেগুৰ এক সপোন আছিল পুত্র তীৰ্থাংকই এদিন সাঁতোৰ ক্ষেত্রত নাম উজ্বলাব। বহু চেষ্টা,কষ্ট বলত তীৰ্থাংকৰ দেউতাকৰ সপোনবোৰ লাহে লাহে পূৰণ হৈছে বুলি মন্তব্য কৰে মাতৃ প্ৰতীমা পেগু-এ।

ইফালে,গ'গ' স্পৰ্টছ এন ইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তীৰ্থাংকই ক'লে ভাৰতীয় সাঁতোৰক্ষেত্রৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা।
তেওঁৰ সপোন বিশ্ব দৰবাৰত আগবাঢ়ক ভাৰতীয় সাঁতোৰ ক্ষেত্র। "য়ুথ অলিম্পিক গেমছ"ত পদক লাভ কৰাৰ পাছত আত্মবিশ্বাস বৃদ্ধি পাইছে বুলি মত পোষণ কৰে তীৰ্থাংকই।

উল্লেখ্য যে,ইয়াৰ পূৰ্বে ২০২৫ বৰ্ষত বাহৰেইনত অনুষ্ঠিত " এছিয়ান য়থ গেমছ"ৰ ২০০ মিটাৰ বাটাৰ ফ্লাইত তীৰ্থাংকই ভাৰতমাতৃক উপহাৰ দিছিল এটা ৰূপৰ পদক ।এইবাৰ ছেনেগালত অনুষ্ঠিত ডাকাৰ "য়ুথ অলিম্পিক গেমছ-২০২৬"ৰ ২০০ মিটাৰ বাটাৰ ফ্লাইতে ২:০১.২৫ ছেকেণ্ড সময়েৰে তীৰ্থাংকই লাভ কৰে এই ঐতিহাসিক সফলতা। বৰ্তমান কৰ্ণাটকৰ বালাৰীৰ "ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছ" চমুকৈ "আই আই এছ"ত গ্ৰহণ কৰি আছে প্ৰশিক্ষণ।
ক্ৰীড়া অনুৰাগীৰ আশা- যোৰহাটৰ সন্তান তীৰ্থাংক পেগুৰ বিজয়মুখী যাত্রা হওঁক অপ্ৰতিৰোধ্য। "২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিক"ক লৈ তীৰ্থাংকই দেখা সপোনবোৰ হওঁক সাফল্যমণ্ডিত।


0 Comments