গুৱাহাটী, ১৬ নৱেম্বৰঃ*
অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীত চলি থকা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত জয়ৰে প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ সোমবাৰে অনুষ্ঠিত হোৱা ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত নিব্ৰাছে দেশৰে সাৰ্থক অশোক গাইকোৱাডক তিনিটা ছেটৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামুলক মেচত ৫-৭, ৭-৫, ৬-৩ ৰ ব্যৱধানত পৰাস্ত কৰে৷ প্ৰথমটো ছেট হেৰুওৱাৰ পাছতো দৃঢ়তাৰে প্ৰত্যাবৰ্তন কৰা নিব্ৰাছে দ্বিতীয়টো ছেট লাভ কৰি ঘৰুৱা সমৰ্থকক উৎসাহিত কৰে৷
উভয় খেলুৱৈয়ে প্ৰথম দুটা ছেটত নিজৰ শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰাৰ পাছত নিৰ্ণায়ক তৃতীয়টো ছেটত নিব্ৰাছে অগ্ৰগতি লৈ মেচ নিজৰ নিয়ন্ত্ৰণলৈ আনে আৰু হেলাৰঙে ছেট তথা মেচত জয়লাভ কৰে৷ এই জয়ৰে নিব্ৰাছে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ মংগলবাৰে তেওঁৰ প্ৰতিদ্বন্দ্বী কোন হ’ব সেয়া সোমবাৰে নিশাৰ বাকী থকা মেচৰ ফলাফলৰ পাছত নিৰ্ণয় হ’ব৷
উল্লেখ্য যে সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা আই টি এফ স্বীকৃত ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ এককৰ খেল সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ মংগলবাৰে এককৰ প্ৰি-কোৱাৰ্টাৰ তথা উভয় শাখাৰে ডাবলচৰ খেলো অনুষ্ঠিত হ’ব৷
মহানগৰীৰ চচলস্থিত অসম টেনিছ সন্থাৰ কৰ্টত চলি থকা ১৮ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত সোমবাৰে হোৱা ছোৱালীৰ এককৰ প্ৰথম ৰাউণ্ডৰ খেলত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ফ্ৰান্সৰ ভেলেৰিয়া গালিয়াভা, জাৰ্মানীৰ নিষ্ঠা কেছাৱন আৰু উজবেকিস্তানৰ কেৰিৰা কিমৰ লগতে ভাৰতৰ কৃষিকা গৌতম, পূৰৱী পাটোৱা, শ্ৰীনীতি চৌধুৰী , খ্যাতি ভাট, সবিতা ভুৱনেশ্বৰন , আলীনা ফৰিদ, কাৰ্তিকা পদ্মকুমাৰ, শৈৱী গৌৰৱ দালাল, সনৰচনা দাস, শাৰণ্য সাৱন্ত , পদ্মপ্ৰিয়া ৰমেশ কুমাৰ, দিশা কুমাৰ আৰু শ্ৰুষ্টি প্ৰকাশ সূৰ্যবংশী৷


0 Comments