গুৱাহাটী, ২০ নৱেম্বৰঃ ভাৰতৰ শ্ৰীনীতি চৌধুৰীয়ে গুৱাহাটীত অনুষ্ঠিত আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ছোৱালীৰ খিতাপ দখল কৰিছে৷ মহানগৰীৰ চচল টেনিছ প্ৰকল্পত চলি থকা প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে অনুষ্ঠিত একক শাখাৰ ফাইনেলত চতুৰ্থ বাচনিৰ শ্ৰীনীতিয়ে¸ উজবেকিস্তানৰ দ্বিতীয় বাচনিৰ কেইৰা কিমক পৰাস্ত কৰে৷ প্ৰথমটো ছেট পৰাস্ত হোৱাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি শ্ৰীনীতিয়ে তিনিটা ছেটৰ অন্তত ৪-৬, ৬-৩, ৬-৩ ৰ ব্যৱধানত জয় লাভ কৰি খিতাপ অৰ্জন কৰে৷
ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা আই টি এফ স্বীকৃত ১৮ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনৰ ল’ৰা খিতাপৰ যুঁজ শনিবাৰে ভাৰতৰ ওম পেটেল আৰু মন্নন অশোক আগৰৱালাৰ মাজত অনুষ্ঠিত হ’ব৷ শুক্ৰবাৰে হোৱা ছেমিফাইনেলত ওম পেটেলে ৬-২, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত নীল কেলকাৰক পৰাস্ত কৰাৰ বিপৰীতে মন্নন অশোক আগৰৱালাই ৫-৭, ৬-২, ৬-১ ৰ ব্যৱধানত যশস্বীন দাহিয়াক হৰুৱায়৷
ইফালে, শুক্ৰবাৰে হোৱা ডাবলছৰ ফাইনেলত যশস্বীন দাহিয়া আৰু প্ৰতীক ছেৰণে ৬-৭, ৬-৩, ১০-৭ ৰ ব্যৱধানত মন্নন অশোক আগৰৱালা আৰু প্ৰকাশ ছেৰণক হৰুৱাই ল’ৰাৰ খিতাপ লাভ কৰে৷ আনহাতে, আহনা চৌধুৰী আৰু খুছি কাডিয়াই ৬-২, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত ৰাছিয়াৰ ভেলেৰিয়া গালিয়াভা আৰু উজবেকিস্তানৰ কেইৰা কিমক পৰাস্ত কৰি ছোৱালীৰ খিতাপ দখল কৰে৷ শুক্ৰবাৰে হোৱা বঁটা বিতৰণ অনুষ্ঠানত খেলুৱৈসকলক ট্ৰফী-মানপ্ৰত্ৰ প্ৰদান কৰে অসম টেনিছ সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালক অংকুশ দত্তই৷ উপস্থিত থাকে মুখ্য ৰেফাৰী সাইকত ৰয়৷ শনিবাৰে পুৱা ৯ বজাত ল’ৰাৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব


0 Comments