আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছৰ সামৰণিঃল’ৰাৰ চেম্পিয়ন মন্নন অশোক আগৰৱালা

November 21, 2026

K

Gogo Sports NE

                                                     

গুৱাহাটী, ২১ নৱেম্বৰঃ সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ সফল সামৰণি পৰিছে৷ আই টি এফ স্বীকৃত ১৮ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনৰ শনিবাৰে অন্তিমদিনা অনুষ্ঠিত ল’ৰাৰ একক শাখাৰ ফাইনেলত ভাৰতৰ মন্নন অশোক আগৰৱালাই জয়লাভ কৰি খিতাপ অৰ্জন কৰে৷

একপক্ষীয় মেচখনত শীৰ্ষ বাচনিৰ মন্ননে দেশৰে পঞ্চম বাচনিৰ ওম পেটেলক ৬-১, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ বাকী তিনিটা বিভাগৰ ফাইনেল ইতিপূৰ্বে অনুষ্ঠিত হৈছিল৷ ফাইনেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণ অনুষ্ঠানত বিজয়ী আৰু ৰানাৰ্ছআপক ট্ৰফী-মানপ্ৰত্ৰ প্ৰদান কৰে অসম টেনিছ সন্থাৰ কোষাধ্যক্ষ স্বপনীল বৰঠাকুৰে৷ উপস্থিত থাকে সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালক অংকুশ দত্ত৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই ২০০৮ চনৰ পৰাই ধাৰাবহিকভাবে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *