শুক্ৰবাৰৰ পৰা তৃতীয় উত্তৰ পূৱ পেৰা স্প’ৰ্টছ মিট-২০২৬,নেপাল-ভূটানৰ লগতে সাত ৰাজ্যৰ খেলুৱৈ উপস্থিত

November 26, 2026

K

Gogo Sports NE

গুৱাহাটী, ২৬ নৱেম্বৰঃ পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত তথা পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সহযোগত ‘উদয়াচল’-এ আয়োজন কৰা তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ-২০২৬ শুক্ৰবাৰৰ পৰা [২৭ নৱেম্বৰ] পৰা গুৱাহাটীত আৰম্ভ হ’ব৷ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত পূৱা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান হোৱাৰ লগতে এথলেটিকছ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব৷ আনহাতে, শুক্ৰবাৰৰ পৰাই বেডমিণ্টন আৰু টেবুল টেনিছো অনুষ্ঠিত হ’ব৷ তদুপৰি সাঁতোৰ, দবা আৰু বচিয়া ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাত অসমসহ উত্তৰ পূৱৰ সাতখন ৰাজ্যৰ লগতে ভাৰতৰ দুই চুবুৰীয়া দেশ নেপাল আৰু ভূটানৰ পেৰা এথলীটতে অংশগ্ৰহণ কৰিছে৷ ইতিমধ্যে খেলুৱৈসকল আহি মহানগৰীত উপস্থিত হৈছে৷ প্ৰায় ৭০০ পেৰা খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷ প্ৰতিযোগিতাৰ খেল সৰুসজাই ষ্টেডিয়ামৰ লগতে পাণ্ডুৰ উদয়াচল আৰু বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত হ’ব৷

ইফালে, প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী অসমৰ এথলেটিকছৰ দলটো ঘোষণা কৰাৰ পাছত আজি বেডমিণ্টন আৰু টেবুল টেনিছৰ দল দুটাও ঘোষণা কৰা হৈছে৷ বেডমিণ্টনৰ এঘাৰজনীয়া দলটোত স্থান লাভ কৰা খেলুৱৈসকল হ’লঃ ৰঞ্জিত কুমাৰ মিশ্ৰ, মনোজ ৰয়, প্ৰেৰণা শৰ্মা , ড॰ পাপৰি নায়ক, পদ্মিনী দাস , সুনন্দন ৰয় , অংশুৰাজ কাশ্যপ, গোপেশ ঝালানি, ৰৌছন শৰ্মা , স্কাই কাশ্যপ আৰু আৰাপ মোল্লা৷ আনহাতে, টেবুল টেনিছত অসমক প্ৰতিনিধিত্ব কৰিব সন্দীপ ভূঞা, পুষ্প পাত্ৰ, প্ৰাঞ্জু বৰা, চয়নিকা কলিতা আৰু প্ৰাৰ্থনা কাকতিয়ে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *