১ ডিচেম্বৰৰ পৰা মঙলদৈত তৃতীয় আৰ পি বৰুৱা মাষ্টাৰ্ছ টি-২০ ক্ৰিকেট

November 26, 2026

K

Gogo Sports NE

গুৱাহাটী, ২৬ নৱেম্বৰ ঃ অসম প্ৰিমিয়াৰ লীগৰ দল নগাঁও ৰেঞ্জাৰ্ছৰ উদ্যোগত অহা ৰ ডিচেম্বৰৰ পৰা মঙলদৈত অনুষ্ঠিত হ’ব তৃতীয় আৰ পি বৰুৱা মাষ্টাৰ্ছ টি-২০ ক্ৰিকেট প্ৰতিযোগিতা৷ মঙলদৈ ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনত ইতিমধ্যে ৰাজ্যৰ ১৬ টা দলে অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি অবগত কৰিছে নগাঁও ৰেঞ্জাৰ্ছৰ ক্ৰিকেট অপাৰেচনছৰ দায়িত্বত থকা মুকুট কলিতাই৷

উল্লেখ্য যে এই প্ৰতিযোগিতাখন ৪০ বছৰ উধ্বৰ্ৰ ক্ৰিকেটাৰৰ বাবেহে মুকলি৷ যোৱা তিনিবছৰ ধৰি আকৰ্ষণীয় এই প্ৰতিযোগিতাখনত অসমৰ ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক প্ৰাক্তন ক্ৰিকেটাৰসকলে অংশগ্ৰহণ কৰি আহিছে৷ এইবাৰো ৰাজ্যৰ তাৰকা ক্ৰিকেটাৰৰ মহামিলনৰ স্থলী হ’ব মঙলদৈ ষ্টেডিয়াম৷

স্মৰ্তব্য যে এ পি এল দল নগাঁও ৰেঞ্জাৰ্ছে অসমৰ বিভিন্ন পৰ্যায়ত ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে বিগত তিনি বছৰ ধৰি আৰ পি বৰুৱা সোঁৱৰণি মাষ্টাৰ্ছ টি-২০ ক্ৰিকেট প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰি আহিছে৷ ২০২৪ চনৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই প্ৰতিযোগিতাখন অসমৰ প্ৰাক্তন ক্ৰিকেটাৰসকলৰ বাবে পুনৰ মিলিত হোৱা আৰু খেলৰ প্ৰতি থকা আবেগক নতুনকৈ জীয়াই তোলাৰ এক মঞ্চলৈ ৰূপান্তৰিত হৈছে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *