তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ,চমকপ্ৰদ প্ৰদৰ্শনৰে পদক তালিকাৰ শীৰ্ষত অসম

November 28, 2026

K

Gogo Sports NE

গুৱাহাটী, ২৮ নৱেম্বৰঃ
বিগত দুবছৰৰ চেম্পিয়ন অসমে চলিত "তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ"ত প্ৰত্যাশিত আৰম্ভণি কৰি পদক তালিকাৰ শীৰ্ষস্থানত আছে৷ প্ৰথমদিনা সৰ্বমুঠ ৩৫ টা পদক জয় কৰা অসমে শনিবাৰে দ্বিতীয় দিনাও সাফল্যৰ ধাৰা অব্যাহত ৰাখি এথলেটিকছ, বেডমিণ্টন, সাঁতোৰ, ব’চিয়াত সোণৰ পদক লাভ কৰে৷

পাণ্ডুৰ ‘উদয়াচল’ত অনুষ্ঠিত পেৰা ব’চ্চিয়াত অসমে এটাকৈ সোণ-ৰূপ তথা দুটা ব্ৰঞ্জসহ মুঠ চাৰিটা পদক লাভ কৰিছে৷ আনহাতে, আমিনগাঁৱৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত পেৰা বেডমিণ্টনত শেহতীয়া খবৰ অনুসৰি অসমে এটা সোণ আৰু দুটা ব্ৰঞ্জ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি, সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এথলেটিকছতো অসমে অন্তিম খবৰ অনুসৰি চাৰিটা সোণ লাভ কৰি পদক তালিকাত নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷

পেৰা ব’চ্চিয়াত অসমৰ জগদিশ বসুমতাৰীয়ে সোণ, ৰিতা দাসে ৰূপ তথা প্ৰিয়া দেবী শৰ্মা আৰু সৌৰভ ঠাকুৰে ব্ৰঞ্জ অৰ্জন কৰে৷ আনহাতে, বেডমিণ্টনত ৰঞ্জিত কুমাৰ মিশ্ৰই সোণৰ পদক লাভ কৰিছে৷

উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰথমদিনা অসমে ১৫ টা সোণ, ১০ টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদকসহ মুঠ ৩৫ টা পদক লাভ কৰিছিল৷ মেঘালয়ে আঠটা আৰু ত্ৰিপুৰাই ছটা পদক লাভ কৰি দ্বিতীয় আৰু তৃতীয় স্থানত আছে৷ প্ৰতিযোগিতাৰ সাঁতোৰ, দবা আৰু টেবুল টেনিছতো অসমৰ খেলুৱৈয়ে সুন্দৰ আৰম্ভনি কৰি পদকৰ দৌৰত আছে৷

পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত তথা পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সহযোগত ‘উদয়াচল’-এ আয়োজন কৰা তিনিদিনীয়া প্ৰতিযোগিতাখনৰ দেওবাৰে সামৰণি কৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *