“মুখ্যমন্ত্রী কাপ-তৃতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডে ৰেটিং দবা”ৰ সফল সামৰণি

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"তৃতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডে ৰেটিং দবা"ৰ সফল সামৰণি।পশ্চিমবংগৰ ৰূপম মুখাৰ্জীৰ খিতাপ দখল।অসমৰ মাটিত ভাৰতৰ ৯৯ সংখ্যক "গ্ৰেণ্ড মাষ্টাৰ" ৰূপে ইতিহাস ৰচনা ৰথনভেল ভি.এছ.-ৰ।

সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত "মুখ্যমন্ত্রী কাপ-তৃতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডে ৰেটিং দবা প্ৰতিযোগিতা"খন দেওবাৰে সফলভাৱে সামৰণি পৰিল।অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৪৭৮ গৰাকী দবাৰু-এ।এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ৯ খন খেলৰ পৰা ৮.৫ পইন্ট সংগ্ৰহেৰে খিতাপ দখল কৰে পশ্চিমবংগৰ ৰূপম মুখাৰ্জীয়ে।ইফালে, পশ্চিমবংগৰ নীলাদ্ৰী বেনাৰ্জী ,মহাৰাষ্ট্ৰৰ ঘাগড়ে হৰ্ষ আৰু পশ্চিমবংগৰ অৰ্পিতা দাসেও ৮.৫ পইন্টকৈ লাভ কৰে যদিও ট্ৰাইব্ৰেৰ স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় ,তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

৫ লাখ ২০ হাজাৰ প্ৰাইজমাণি সম্বলিত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৯ ৰাউণ্ডৰ ছুইছ লীগ পদ্ধতিত।বিজয়ী খেলুৱৈসকলৰ মাজত বিতৰণ কৰা কৰা হয় মুঠ ৭০ টাকৈ বঁটা ।গৌৰৱময় কথাটো হ'ল যে ,অসমৰ মাটিত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে ৰথনভেল ভি.এছ.-এ ভাৰতৰ " ৯৯ সংখ্যক দবাৰ "গ্ৰেণ্ড মাষ্টাৰ" ৰূপে ইতিহাস ৰচিলে ।প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জনাইছে আয়োজক সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকা আৰু সাধাৰণ সম্পাদক ৰাজীৱ ধ'ৰে।

সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ,আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলি হাজৰিকা,প্ৰাগ নিউজ পৰিয়ালৰ অক্ষত নাৰায়ণ ,ছাই বিকাশৰ নিৱেশ ৰেড্ডী,জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে,ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ মতেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আটাইতকৈ "জ্যেষ্ঠ দবাৰু" আৰু আটাইতকৈ "কনিষ্ঠ দবাৰু" গৰাকীক বিশেষভাৱে সন্মানিত কৰিলে আয়োজক সদৌ অসম দবা সন্থাই।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *