“৩৩ সংখ্যক অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ”ৰ সফল সামৰণি”

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

"৩৩ সংখ্যক অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ"ৰ সফল সামৰণি।"শ্ৰেষ্ঠ দল"ৰ সন্মান আজুৰিলে যোৰহাট জিলা সাঁতোৰ দলে ।
"দ্বিতীয় শ্ৰেষ্ঠ দল" ৰূপে জিলিকিল কামৰূপ জিলা সাঁতোৰ দল।"তৃতীয় স্থান" অধিকাৰ কৰিলে শিৱসাগৰ জিলা সাঁতোৰ দলে।

যোৱা ১৭ জুলাইৰ পৰা ১৯ জুলাইলৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত অনুষ্ঠিত হয় "৩৩ সংখ্যক অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ-২০২৬"।বিগত তিনিটা দিনত বিভিন্ন জিলাৰ সাঁতোৰ,ডাইভিং আৰু ৱাটাৰ প'ল' শাখাৰ শতাধিক খেলুৱৈ-এ অংশগ্ৰহণ কৰি ক্ৰীড়াঙ্গনত দাঙি ধৰিলে নিজৰ প্ৰতিভাৰ উজ্জ্বল নিৰ্দশন।অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে পদক অৰ্জন কৰা খেলুৱৈৰ লগতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক জ্ঞাপন কৰিলে আন্তৰিক অভিনন্দন।

সামগ্ৰিক দলীয় চেম্পিয়নশ্বিপত ৪৭ টা সোণ ,৩৬ টা ৰূপ আৰু ৩১ টা ব্ৰঞ্জেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে যোৰহাট জিলাই।সেইদৰে ২৭ টা সোণ,৩৬ টা ৰূপ আৰু ৩৩ টা ব্ৰঞ্জ পদক অৰ্জনেৰে দ্বিতীয়ত জিলিকিল কামৰূপ জিলা সাঁতোৰ দল ।আনহাতে,১৩ টা সোণ,১৪ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ দখলেৰে তৃতীয় স্থান অধিকাৰ কৰে শিৱসাগৰ জিলা সাঁতোৰ দলে।আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত অসম সাঁতোৰ দলে সুন্দৰ ফলাফল দাঙি ধৰিব বুলি আশাবাদী প্ৰশিক্ষক বাবুল গুৰুং।

ইফালে, অন্তিমদিনা অনুষ্ঠিত পুৰুষৰ ৱাটাৰ প'ল'ৰ ফাইনেলত শিৱসাগৰে ১১-০ গ'লত যোৰহাটক পৰাস্ত কৰে।মহিলা ৱাটাৰ প'ল'ত শিৱসাগৰে ৩-২ গলৰ ব্যৱধানত যোৰহাটক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকণে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিলে গ্ৰুপৰ "ব্যক্তিগত চেম্পিয়ন"ৰ নাম।

উল্লেখ্য যে,সামৰণি অনুষ্ঠানত বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস,যুটীয়া সম্পাদক চন্দনজ্যোতি ফুকণ,প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী,অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী ড০ পাৰ্থ কুমাৰ মেধিৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও ক্ৰীড়া সংগঠক,সমাজ কৰ্মী তথা প্ৰাক্তন খেলুৱৈ-এ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *