গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসমৰ প্ৰতিভাবান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে প্ৰথম আটা-কিয়া টেনিছ প্ৰিমিয়াৰ লীগ [টিপিএল] ত দ্বিমুকুট লাভ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাখনত ফাগুনে ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ একক শাখাৰ খিতাপ জয় কৰে৷ ১২ অনুৰ্ধৰ ফাইনেলত ফাগুনে ৰিছা বেগমক ৮-০ ত পৰাস্ত কৰাৰ বিপৰীতে ১৪ বছৰ অনুৰ্ধ শাখাৰ খিতাপৰ যুঁজত ৰিয়া বড়োক ৮-৩ ৰ ব্যৱধানত হৰুৱায়৷
উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে টিপিএলৰ সৈতে সংযুক্ত হৈ আয়োজন কৰা ৰেচ টু গোল্ড [আৰটিজি] শীৰ্ষক প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ ১০, ১২ আৰু ১৪ বছৰ অনুৰ্ধ তিনিটা বয়স শাখাত এককৰ খেল অনুষ্ঠিত কৰিছিল৷ ছোৱালীৰ ১০ বছৰ অনুৰ্ধ শাখাত গিয়ানু শ্মিকাই দিব্যানা থেংগল বৰাক ৬-৩ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে৷
ইফালে, ল’ৰাৰ ১০ বছৰ অনুৰ্ধ শাখাত অন্তৰীপ নাথে ফাইনেলত চিন্ময় বড়োক ৬-৪ ত পৰাস্ত কৰাৰ বিপৰীতে ১২ বছৰ অনুৰ্ধৰ খিতাপ জয় কৰে নীৰ্জনীল ডেকাই৷ ফাইনেলত তেওঁ প্ৰিয়াংশু ডেকাক ৮-৩ ত পৰাস্ত কৰে৷ আনহাতে, ১৪ বছৰ অনুৰ্ধৰ ফাইনেলত অনিৰ্বান ডেকাই ৮-৬ ৰ ব্যৱধানত প্ৰথম মজুমদাৰক পৰাস্ত কৰি খিতাপ জয় কৰে৷
দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নুমলীগড়, শিলচৰ আৰু গুৱাহাটীৰ মুঠ ১১৯ গৰাকী ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ সামৰণিত ট্ৰফীৰ লগতে য়নেক্স কিট বেগ বিতৰণ কৰে সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷ প্ৰতিভা সন্ধানী জুনিয়ৰ প্ৰতিযোগিতাখনৰ জড়িয়তে ৰাজ্যৰ নবাগত খেলুৱৈ বাচনি কৰাৰ লগতে নিৰ্বাচিত খেলুৱৈক জলপানিসহ অন্যান্য সা-সুবিধা আৰু উচ্ছ পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা লোৱা হ’ব৷ এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন আৰ টি জি টুৰ্ণামেণ্টৰ বিজয়ীসকলে বৃত্তি, পুৰস্কাৰ আৰু স্বীকৃতি লাভ কৰাৰ বিপৰীতে প্ৰতিবছৰে ছিজন সামৰণিত প্ৰতিটো বয়সৰ শাখাত অসমৰ শীৰ্ষ স্থানৰ খেলুৱৈগৰাকীক কিয়া টেনিছ প্ৰিমিয়াৰ লীগে সম্বৰ্ধনা জনোৱাৰ লগতে টেনিছ আধুনিক ক্ৰীড়া সঁজুলি প্ৰদান কৰিব৷


0 Comments