কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডাঃ মনছুখ মান্দবিয়াই মুকলি কৰিলে “বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ শুভংকৰ-থীম ছং’,নতুন দিল্লীৰ অনুষ্ঠানত উপস্থিত বাইৰ সভাপতি-অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

অহা ১৭-২৩ আগষ্টলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬ ৰ শুভংকৰ আৰু থীম ছং আজি মুকলি কৰা হয়৷ ভাৰতীয় বেডমিণ্টন সন্থা [বাই]ৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডাঃ মনছুখ মান্দবিয়াই আনুষ্ঠানিকভাবে এয়া মুকলি কৰে৷ নতুন দিল্লীত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বাইৰ সচিব সঞ্জয় মিশ্ৰ, দেশৰ কিংবদন্তী শ্বাটলাৰ পুলেলা গোপীচান্দ আদি৷

অনুষ্ঠানত ভাষণ দি ক্ৰীড়ামন্ত্ৰী ডাঃ মান্দবিয়াই কয়, ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিশ্বৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশে আগবাঢ়িছে৷ আমি ধাৰাবাহিকভাবে বিশ্বৰ কেবাখনো বৃহৎ ক্ৰীড়া ইভেণ্ট সফলতাৰে আয়োজন কৰিছো৷ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ এই যাত্ৰাৰ আন এক গৌৰৱময় মাইলৰ খুঁটিৰূপে চিহ্নিত হ’ব৷ ভাৰতীয় বেডমিণ্টনৰ ক্ৰমবৰ্ধমান উত্তৰণ আৰু বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টি লগতে খেলুৱৈসকলৰ বাবে অধিক সুযোগ প্ৰদানৰ দিশত চৰকাৰৰ অটল প্ৰতিশ্ৰুতি থাকিব৷’

ইফালে, ড॰ শৰ্মাই কয় ‘১৭ বছৰৰ পাছত ভাৰতলৈ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰত্যাৱৰ্তন আমাৰ খেলৰ বাবে এক ল্যাণ্ডমাৰ্ক মুহূৰ্ত আৰু ভাৰতীয় বেডমিণ্টন কিমান দূৰ আগবাঢ়িছে এয়া তাৰেই প্ৰতিফলন৷ আজি ভাৰতে বেডমিণ্টনত বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে৷ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰা খেলুৱৈ সৃষ্টি কৰিছে৷ আমি নিশ্চিত যে চেম্পিয়নশ্বিপে আমাৰ দেশত বেডমিণ্টনৰ বাবে এক স্থায়ী উত্তৰাধিকাৰ এৰি যাব লগতে অগণন ভাৰতীয় যুৱক-যুৱতীক ৰেকেট তুলি ল’বলৈ অনুপ্ৰাণিত কৰিব৷

উল্লেখ্য যে ২০০৯ চনত হায়দৰাবাদত বি ডব্লিউ এফে অন্তিমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰিছিল৷ কাৰ্যতঃ তেতিয়াৰে পৰাই ভাৰতীয় বেডমিণ্টনৰ এক সোণালী যাত্ৰাও আৰম্ভ হৈছিল৷ ইফালে, ২০১১ চনৰ পৰা ভাৰতে বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিটো সংস্কৰণতে পদক জয় কৰি বেডমিণ্টনৰ অন্যতম আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ তথা প্ৰতিষ্ঠা লাভ কৰিছে৷ এইবাৰ চেম্পিয়নশ্বিপত বিশ্বৰ প্ৰায় ৫৫ খন দেশৰ আঠশৰো অধিক খেলুৱৈ-বিষয়াই অংশ ল’ব৷ ইতিমধ্যে বিশ্ব বেডমিণ্টনত পদক জয় কৰা ভাৰতৰ পি ভি সিন্ধু, লক্ষ্য সেন, সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীকে ধৰি তাৰকা শ্বাটলাৰসকলে প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সুযোগ পাব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *