“এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ”ত অসমৰ খেলুৱৈৰ ঐতিহাসিক সাফল্য

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম জু-জিৎসু সন্থাই গৌৰৱৰ সৈতে জনাইছে যে যোৱা ১৪ জুলাইৰ পৰা ২০ জুলাইলৈ কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হোৱা "দশম এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ আৰু তৃতীয় যুৱ এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ ২০২৬" ত অসমৰ খেলুৱৈসকলে উজ্জ্বল সাফল্য অৰ্জন কৰি ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমকন্যী লুইতী বৰুৱাই -৫৬ কেজি "ফাইটিং চিষ্টেম" শাখাত ৰূপৰ পদক লাভ কৰাৰ লগতে মুনমী দাসে -৬৩ কেজি "কন্টেক ফাইটিং" শাখাত ব্ৰঞ্জ পদক লাভ কৰি অসমৰ জু-জিৎসুৰ শক্তিশালী উপস্থিতি আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ প্ৰমাণ কৰিলে।

এই গৌৰৱময় সফলতাৰ বাবে অসম জু-জিৎসু সন্থাৰ সভাপতি তথা বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা আৰু সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাও-এ দুয়োগৰাকী পদক বিজয়ীক আন্তৰিক অভিনন্দন জনায়।

আনহাতে, ভাৰতক প্ৰতিনিধিত্বৰে সৰ্বোচ্চ প্ৰচেষ্টা আৰু অসাধাৰণ মনোবলেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা দেশৰ সন্মান বৃদ্ধি কৰা আৰ্যন শৰ্মা, হিমাংশু শইকীয়া আৰু ৰূপসাজিৰ ৰংহাংপী-লৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে সন্থাই ।

ইফালে,সন্থাৰ সভাপতি ঋতু বৰণ শৰ্মাই কয়, “এই সাফল্য কেৱল পদক জয় নহয়, ই আমাৰ "মিছন দোহা ২০৩০" -ৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই সাফল্যই আমাৰ বিশ্বাস অধিক দৃঢ় কৰিছে যে অসমে ভৱিষ্যতে এছিয়ান গেমছত পদক জয় কৰিব পৰা খেলুৱৈ সৃষ্টি কৰিব। এই বিজয়ে ৰাজ্যৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব।”

উল্লেখ্য যে,যোৱা ২২ জুলাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটীত উপস্থিত হৈ অসম জু-জিৎসু সন্থাৰ বিষয়-ববীয়াসকলে পদকজয়ী আৰু অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈসকলক উষ্ম আদৰণি জনোৱাৰ লগতে জ্ঞাপন কৰে আন্তৰিক অভিনন্দন ।

তদুপৰি,অসম জু-জিৎসু সন্থাই সকলো খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক আৰু শুভাকাংশীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে "মিছন দোহা ২০৩০" সফল কৰাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ অংগীকাৰ পুনৰ ব্যক্ত কৰিছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *