গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"১৬ সংখ্যক সদৌ অসম জুনিয়ৰ পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপ"ৰ সফল সামৰণি।ফাইনেলত কলিয়াবৰক পৰাস্ত কৰি চেম্পিয়ন নগাঁও ।বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ।
যোৱা ১২ জুলাইৰ পৰা মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত অনুজ দাস সোঁৱৰণী "১৬ সংখ্যক সদৌ অসম জুনিয়ৰ পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপ " বুধবাৰে সফলতাৰে অন্ত পৰিল।অসম হকী সন্থাৰ তত্বাৱধানত তথা কলিয়াবৰ হকী আৰু মিছা হকী একাডেমীৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনৰ ফাইনেলত অৱৰ্তীণ হ'ল নগাঁও আৰু কলিয়াবৰ ।তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত নগাঁও দলে কলিয়াবৰ দলক ৫-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি দখল কৰে চেম্পিয়নৰ খিতাপ।
ইয়াৰ পূৰ্বে ছেমি ফাইনেলত নগাঁৱে ওদালগুৰিক ১৫-৩ আৰু কলিয়াবৰে বঙাইগাঁৱক ৪-২ গলত পৰাভূত কৰি ফাইনেলত উপনীত হয়।
আনহাতে বঙাইগাওঁ-এ ওদালগুৰিক ৬-০ গ'লত পৰাস্ত কৰি অধিকাৰ কৰে তৃতীয় স্থান।
সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, কলিয়াবৰ সম জিলা আয়ুক্ত ৰাজ বৰুৱা, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞা, আছুৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ হাজৰিকা, অসম হকীৰ সভাপতি তপন কুমাৰ দাস, সম্পাদক কল্যাণী ডেকাৰ দৰে বিশিষ্ট ব্যক্তিসকল ।নিমন্ত্রিত অতিথিসকলে শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ উপৰি বিজয়ী খেলুৱৈ সকলক ট্ৰফী আৰু মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত।প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছে অসম হকীৰ সভাপতি তপন কুমাৰ দাসে।
উল্লেখ্য যে, ৰাজ্যিক প্ৰতিযোগিতাখনত ১২ টা গ'লেৰে "সৰ্বোচ্চ গ'লদাতা"ৰ সন্মান লাভ কৰে নগাঁৱৰ ৰিংকু বৰ্মনে ।আনহাতে প্ৰতিযোগিতাৰ "শ্ৰেষ্ঠ খেলুৱৈ" ৰূপে নগাঁৱৰ আমানত আলি জিলিকি উঠাৰ বিপৰীতে শ্ৰেষ্ঠ "শৃংখলাবদ্ধ দল"ৰ বঁটা অৰ্জন কৰে ওদালগুৰি-এ।


0 Comments