ড০ বিষ্ণুৰাম নুনিছালৈ “ক্ৰীড়াবন্ধু বঁটা”

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

৬০ বছৰত ভৰি দিলে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক ড০ বিষ্ণুৰাম নুনিছাই । ১৯৬৭ চনৰ ১৪ জুলাইত জন্মগ্ৰহণ কৰা ড০ নুনিছাক মংগলবাৰে জন্মদিনৰ ওলগ জনোৱাৰ লগতে অসমৰ এক আগশাৰীৰ বে-চৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেচনে প্ৰদান কৰিলে "ক্ৰীড়াবন্ধু বঁটা"। ওপজা দিনটোতে মহানগৰীৰ সুন্দৰপুৰস্থিত ড০ বিষ্ণুৰাম নুনিছাৰ বাসগৃহত উপস্থিত হৈ এই বঁটা প্ৰদান কৰিলে সংস্থাৰ সভাপতি বিদ্যা ইংতি, সম্পাদক অঞ্জনা দাস,সদস্যা নমিতা ইংতি কোঁৱৰৰ লগতে সংস্থাৰ বিষয়-ববীয়াই । লগতে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল বিশিষ্ট সমাজসেৱিকা কৰবী বৰা ।অসমীয়াৰ স্বাভিমানী গামোচা, চেলেং, জাপি, অভিনন্দন পত্র,মমেন্ট' আৰু এটি গছপুলি প্ৰদানেৰে বিশিষ্ট ক্ৰীড়া সংগঠক গৰাকীক কৰিলে সন্মানিত । ৰাজ্যৰ ক্ৰীড়াক্ষেত্রলৈ আগবঢ়োৱা সীমাহীন অৱদানেৰে মহিমামণ্ডিত কৰ্মৰাজিত আকৃষ্ট হৈ "ক্ৰীড়াবন্ধু" বঁটাৰে ড০ বিষ্ণুৰাম নুনিছাক সন্মানিত কৰিলে সংস্থাই । এই বঁটা প্ৰদান কৰাৰ লগতে কেক কাটি ড০ নুনিছাৰ পৰিয়ালৰ সৈতে জন্মদিন পালন কৰিলে সংস্থাই । পৰিয়ালৰ হৈ উপস্থিত থাকিল ড০ বিষ্ণুৰাম নুনিছাৰ পত্নী অনিমা থাউছেন নুনিছা, পুত্র জুশ্ৰীৰিং দাও নুনিছা

উল্লেখ্য যে, অসমৰ খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক, ক্ৰীড়া সংগঠক সকলোৰে বাবে অন্যতম এক চিনাকী নাম ড০ বিষ্ণুৰাম নুনিছা ।প্ৰায়বিলাক ৰাজ্যৰ ক্ৰীড়া অনুষ্ঠানতে ড০ বিষ্ণুৰাম নুনিছাৰ উপস্থিতি অগ্ৰজ-অনুজৰ বাবে এক সাহসৰ প্ৰতীক । এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক হিচাপে ক্ৰীড়াঙ্গনৰ সকলো স্তৰৰ লোকৰ সৈতে ড০ নুনিছাৰ সম্পৰ্ক হৈছে আত্মিক আৰু বন্ধুত্বপূৰ্ণ ।

চেপাকটাক্ৰ ফেডাৰেচন অৱ ইণ্ডিয়াৰ প্ৰাক্তন উপ-সভাপতি, অসম অলিম্পিক সন্থাৰ প্ৰাক্তন উপ-সভাপতি, অসম জিমনাষ্টিক সন্থাৰ প্ৰাক্তন উপ-সভাপতি, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক, কাৰ্বি আংলং ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি, কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদকৰ দৰে গুৰু আসনত থাকি ক্ৰীড়াৰ উন্নতিৰ বাবে নিৰবিছিন্নভাৱে কাম কৰি গৈছে নুনিছাই ।বৰ্তমানেও অসম চেপাকটাক্ৰ সন্থাৰ সম্পাদকৰ আসনত অধিষ্ঠিত হৈ চেপাকটাক্ৰ ক্ৰীড়াৰ প্ৰচাৰ -প্ৰসাৰৰ বাবে গ্ৰহণ কৰিছে বহু পদক্ষেপ । আগন্তুক সময়তো ৰাজ্যৰ ক্ৰীড়াজগতৰ উন্নতিৰ হকে ,খেলুৱৈৰ স্বাৰ্থত ড০ বিষ্ণৰাম নুনিছাই কাম কৰি যাবলৈ শুভকামনা জ্ঞাপন কৰিলে হিউমেন পাৱাৰ ফাউণ্ডেচনে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *