গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ১০-১২ জুলাইলৈ গুৱাহাটী ৰোলবল সন্থাৰ উদ্যোগত তিনিদিনিয়াকৈ অনুষ্ঠিত হয় "ষষ্ঠ ছাব-জুনিয়ৰ আৰু নৱম আন্তঃজিলা মিনি ৰোলবল চেম্পিয়নশ্বিপ"।এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে মৰাণ, ডিব্ৰুগড়, তিনিচুকীয়া ডুমডুমা, নগাঁও, মৰিগাঁও, নলবাৰী, কামৰূপ, দক্ষিণ কামৰূপ, কামৰূপ মেট্ৰো, ডিব্ৰুগড় সদৰ, গুৱাহাটী আদি জিলাৰ ৰোলবলাৰে ।
মিনি (১১বছৰ অনুৰ্ধ) ছোৱালী শাখাৰ ফাইনেলত ডিব্ৰুগড়ে কামৰূপ মেট্ৰোক ৫-৩ গলত পৰাস্ত কৰি খিতাপ জয় কৰাৰ বিপৰীতে ব্ৰঞ্জৰ পদক লাভ কৰে গুৱাহাটী-এ । ল'ৰাৰ শাখাৰ ফাইনেলত মৰিগাঁও-এ ডিব্ৰুগড়ক ৫-৪ গ'লত পৰাস্ত কৰি খিতাপ জয় কৰাৰ বিপৰীতে ডিব্ৰুগড় সদৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
ছাব-জুনিয়ৰ (১৭বছৰ অনুৰ্ধ ) ল'ৰাৰ ফাইনেলত কামৰূপে মৰিগাঁৱক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী মুকুট পৰিধান কৰে। ইয়াত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ডিব্ৰুগড়ে। ছোৱালী শাখাত কামৰূপে চন্দ্ৰপুৰক ৩-১ ত পৰাস্ত কৰি খিতাপ জয় কৰাৰ বিপৰীতে তিনিচুকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰে।


0 Comments