SCKFI -আছামৰ উদ্যোগত গুৱাহাটীত “কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং”

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

SCKFI -আছামৰ উদ্যোগত গুৱাহাটীত "কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং" ।ইণ্ডোৰৰ চিহান মহেশ কুশৱাহাৰ প্ৰশিক্ষণ প্ৰদান
।৯০ গৰাকী কাৰাটেকাৰ অংশগ্ৰহণ।
চিহান মহেশ কুশৱাহাৰ হাতেৰ খেলুৱৈক "ব্লেক বেল্ট" প্ৰমাণপত্র প্ৰদান।

"SCKFI-আছাম"ৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীৰ দুটাকৈ স্থানত অনুষ্ঠিত হয় "পঞ্চম বাৰ্ষিক কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং " ।গুৱাহাটীৰ বেলতলা স্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত "কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিঙ"ত অংশগ্ৰহণ কৰিলে ৯০ গৰাকীৰো অধিক কাৰাটেকাই।কাৰাটেৰ প্ৰশিক্ষণ প্ৰদান কৰিলে SCKFI ,ইণ্ডিয়াৰ সভাপতি তথা চিফ টেকনিকেল ডাইৰেক্টৰ চিহান মহেশ কুশৱাহা-এ।এই প্ৰশিক্ষণৰ সময়ছোৱাত চিহান মহেশ কুশৱাহাই প্ৰথমদিনা কাৰাটেৰ আদিপাঠৰ উপৰি কাটা-কুমিটেৰ ওপৰত খেলুলৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰে ।দুদিনৰ সাধ্য অনুসৰি, কাৰাটেৰ নানান বিদ্যা খেলুৱৈসকলক প্ৰদান কৰিছে ইণ্ডোৰৰ পৰা অহা "সপ্তম ডান ব্লেক বেল্টধাৰী" অভিজ্ঞ প্ৰশিক্ষক গৰাকী-এ।এই প্ৰশিক্ষণ শিবিৰে খেলুৱৈৰ নিজৰ মাজত থকা ভূল-ভ্ৰান্তিসমূহ আঁতৰ কৰাৰ লগতে কাৰাটেৰ নানান জ্ঞান আয়ত্ব কৰি খেলুৱৈসকলক লাভান্বিত কৰিব বুলি আশাবাদী আয়োজক "SCKFI-আছাম"ৰ সভাপতি তথা চিফ টেকনিকেল ডাইৰেক্টৰ চেনচাই জিতু চৌধুৰী।

অসমত প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত চিহান মহেশ কুশৱাহা।এই প্ৰশিক্ষণে জুনিয়ৰ, কেডেট, ছিনিয়ৰ আদি বিভিন্ন শাখাৰ খেলুৱৈসকলক তেওঁলোকৰ টুৰ্ণামেন্ট অথবা জীৱনত প্ৰয়োগ কৰিব পাৰিব বুলি আশাবাদী প্ৰশিক্ষক গৰাকী ।ইফালে দুদিনীয়া কাৰাটে প্ৰশিক্ষণৰ অন্তত দেওবাৰে গুৱাহাটীৰ "পাঞ্জাবাৰী কাৰাটে ডু একাডেমী"ত অনুষ্ঠিত হ'ল ব্লেক বেল্ট গ্ৰেডিং।একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত ৩৩ গৰাকী খেলুৱৈক "ব্লেক বেল্ট প্ৰথম ডান" আৰু ৩ গৰাকী খেলুৱৈক প্ৰদান কৰা হয়
"ব্লেক বেল্ট দ্বিতীয় ডান"।


চিহান মহেশ কুশৱাহাই আটাইকেইগৰাকী খেলুৱৈক নিজ হাতেৰে প্ৰদান কৰিলে "ব্লেক বেল্ট"ৰ প্ৰমাণ পত্ৰ।
"ব্লেক বেল্ট "ৰ গ্ৰেডিং লাভ আনন্দিত হৈ পৰিল খেলুৱৈলকল ।ইফালে, "SCKFI -আছাম"ৰ সভাপতি তথা চিফ টেকনিকেল ডাইৰেক্টৰ ছেনচাই জিতু চৌধুৰীৰ প্ৰশংসাত পঞ্চমুখ চিহান মহেশ কুশৱাহা।সামৰণি অনুষ্ঠানত খেলুৱৈ, অভিভাৱৰ উপস্থিত ইণ্ডোৰৰ প্ৰশিক্ষক মহেশ কুশৱাহাক সম্বৰ্ধনা জনালে "SCKFI আছামে"
।অসমীয়াৰ স্বাভিমানী গামোচা, চেলেং, মমেন্টো আদি প্ৰদানেৰ কৃতজ্ঞতা প্ৰকাশ কৰিলে আয়োজকে,।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *