মান্দাকাটাত “১৩ সংখ্যক সদৌ অসম টাং চু ডু চেম্পিয়নশ্বিপ”

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

মান্দাকাটাত "১৩ সংখ্যক সদৌ অসম টাং চু ডু চেম্পিয়নশ্বিপ"।১০ খন জিলাৰ অংশগ্ৰহণ।ক্ৰীড়াঙ্গনত ২০০ গৰাকী খেলুৱৈৰ সমাবেশ।

শনিবাৰৰ পৰা দুদিনীয়াকৈ মান্দাকাটা এইছ. এছ. স্কুলৰ প্ৰাংগনত অনুষ্ঠিত হয় "১৩ সংখ্যক সদৌ অসম টাং চু ডু চেম্পিয়নশ্বিপ-২০২৬" ।
"আই.টি.এফ.- টাং চু ডু স্পৰ্টছ এছচিয়েচন অৱ আছাম"ৰ সহযোগত তথা লাহিৰীম কাকতি অল মাৰ্চিয়েল আৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ১০ খন জিলাৰ টাং চু খেলুৱৈ-এ।১১ অনুৰ্ধ, ১৪ অনুৰ্ধ, ১৭ অনুৰ্ধ, ১৯ অনুৰ্ধ, ১৯ উৰ্ধৰ আদি বিভিন্ন শাখাত প্ৰায় ২০০ গৰাকী খেলুৱৈ-এ ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব।

শনিবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ পাছত প্ৰথমদিনা অনুষ্ঠিত হ'ল ছিনিয়ৰ শাখাৰ মেচ ।
এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক "টাং চু ডু নেচনেল"ৰ বাবে বাছনি কৰা হ'ব অসম দল ।তদুপৰি,ইটালীত অনুষ্ঠিত হ'বলগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবেও কৰা হ'ব খেলুৱৈ বাছনি।এই সন্দৰ্ভত জনালে "আই টি এফ টাং চু ডু স্পৰ্টছ এছচিয়েচন অৱ আছাম"ৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈ-এ।

মান্দাকাটাত "সদৌ অসম ভিত্তিত টাং চু ডু প্ৰতিযোগিতা" আয়োজনৰ সুবিধা লাভ কৰি আনন্দিত লাহীৰাম কাকতি অল মাৰ্চিয়েল আৰ্টছ একাডেমীৰ বিষয়-ববীয়া সকল ।"আই.টি.এফ.- টাং চু ডু স্পৰ্টছ এছচিয়েচন অৱ আছাম"ক কৃতজ্ঞতা জনালে আয়োজক সমিতিৰ কোক্ষাধ্যক্ষ ইমতাজুল হকে ।

ৰাজ্যিক প্ৰতিযোগিতাৰ মঞ্চত বিভিন্ন শাখাত পদকজিনি খেলুৱৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি ।তদুপৰি শেষতীয়াকৈ "হাইস্কুল শিক্ষান্ত পৰীক্ষা" আৰু "উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা"ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ কেইবাগৰাকীও টাং চু-ডু খেলুৱৈক সম্বৰ্ধনা জনায় আয়োজকে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *