“অষ্টম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬”তঅংকিত দাসৰ খিতাপ দখল

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

পশ্চিমবংগৰ অংকিত দাসে ৯ খন খেলৰ পৰা ৮ পইণ্ট সংগ্ৰহ কৰি "অষ্টম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬"-ৰ খিতাপ দখল কৰে। অন্তিম তথা নৱম ৰাউণ্ডত তেওঁ মহাৰাষ্ট্ৰৰ ৱাংখাড়ে সংস্কৃতিক পৰাস্ত কৰে। চেম্পিয়ন হিচাপে তেওঁ নগদ ৭০,০০০ টকা আৰু ট্ৰফী লাভ কৰে।

ৰাজস্থানৰ ফিডে মাষ্টাৰ অৰুণ কাটাৰিয়াইও ৯ খন খেলৰ পৰা ৮ পইণ্ট সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্ক'ৰৰ ভিত্তিত দ্বিতীয় স্থানত সন্তুষ্ট থাকিবলগীয়া হয়। নৱম ৰাউণ্ডত তেওঁ মণিপুৰৰ সিংহ এছ. বিক্ৰমজিৎক পৰাস্ত কৰে। দ্বিতীয় স্থান অধিকাৰ কৰি তেওঁ ৫০,০০০ টকা আৰু ট্ৰফী লাভ কৰে।

পশ্চিমবংগৰ পৰমব্ৰত চৰকাৰে ৭.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। অন্তিম ৰাউণ্ডত তেওঁ মহাৰাষ্ট্ৰৰ মহিন্দ্ৰাকাৰ ইন্দ্ৰজিতক পৰাস্ত কৰে। তেওঁ ৩০,০০০ টকা আৰু ট্ৰফী লাভ কৰে।

মহাৰাষ্ট্ৰৰ ঘাডগে হৰ্ষ, মণিপুৰৰ সিংহ এছ. বিক্ৰমজিৎ আৰু অসমৰ অভ্ৰজ্যোতি নাথে সম সংখ্যক ৭.৫ পইণ্ট সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্ক'ৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰে। তেওঁলোকক ক্ৰমে ২০,০০০ টকা, ১৫,০০০ টকা আৰু ১১,০০০ টকা নগদ পুৰস্কাৰ প্ৰদান কৰা হয়।

এই প্ৰতিযোগিতাত মুঠ ৪২৩ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত এজন আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (IM), দুজন ফিডে মাষ্টাৰ (FM), দুজন কেণ্ডিডেট মাষ্টাৰ (CM) আৰু এগৰাকী মহিলা কেণ্ডিডেট মাষ্টাৰ (WCM) আছিল। আয়োজক ৰাজ্য অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, ওড়িশা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু তেলেংগানাৰ খেলুৱৈসকলেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাখন দবা খেলুৱৈ অভিভাৱক সন্থাই ৮ জুলাইৰ পৰা ১২ জুলাইলৈ গুৱাহাটীৰ পানীখাইতিত অৱস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছিল।প্ৰতিযোগিতাখন বিশ্ব দবা মহাসংঘ(FIDE), সৰ্বভাৰতীয় দবা মহাসংঘ (AICF) আৰু সদৌ অসম দবা সন্থাৰ (AACA)-ৰ স্বীকৃতিপ্ৰাপ্ত।ফিডে আৰ্বিটাৰ গোলাপ গগৈ-এ মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন সফলতাৰে পৰিচালনা কৰে।

পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মুঠ ৪,০০,০০০ টকা নগদ পুৰস্কাৰ বিতৰণ কৰা হয়। বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ বটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিজয়ীসকলক বঁটা সমূহ প্ৰতিযোগিতাৰ সঞ্চালক ছুজা-উল-ইছলাম হাজৰিকা, দবা খেলুৱৈ অভিভাৱক সন্থাৰ সভাপতি ডাঃ শিৱেন দত্ত, সাধাৰণ সম্পাদক বিমল শৰ্মা, সদস্য লাচিত বৰ্মন, ৰণদ্বীপ সিনহা আৰু মুখ্য আৰ্বিটাৰ গোলাপ গগৈয়ে বিতৰণ কৰে। প্ৰেছ বিজ্ঞপ্তি যোগে দবা খেলুৱৈ অভিভাৱক ফ'ৰামৰ হৈ এই কথা জনাইছে প্ৰণৱ কুমাৰ নাথ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *