গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে প্ৰতিশ্ৰুতিসম্পন্ন বক্সাৰ প্ৰিয়াংক্ষী গগৈয়ে দেৰগাঁৱত সম্পন্ন(৬-১০ জুলাই) "৪৬ সংখ্যক সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা"ত শ্ৰেষ্ঠ ছোৱালী বক্সাৰৰ সন্মান অৰ্জন কৰে। অনুৰ্ধ ১৫ বছৰ বয়স শাখাৰ খেলুৱৈ প্ৰিয়াংক্ষীয়ে প্ৰতিযোগিতাৰ অনুৰ্ধ ৪৬ কেজি শাখাত অৱতীৰ্ণ হৈ সোণৰ পদক জয়ৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। গুৱাহাটী টাউন ক্লাবৰ(জি টি চি) নিয়মীয়া প্ৰশিক্ষাৰ্থী গৰাকীয়ে ৰাজ্যিক প্ৰতিযোগিতাখনত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰিছিল। মহানগৰীৰ অনিল গগৈ আৰু নিৰুপমা গগৈৰ জ্যেষ্ঠ কন্যা প্ৰিয়াংক্ষীয়ে জি টি চি বক্সিং একাডেমীত প্ৰশিক্ষক ৰিজু পাটৰ আৰু ঋষিকেশ কলিতাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।


0 Comments